বৰপেটা,৪ আগষ্টঃ কৰ’ণাত আক্ৰান্ত আৰক্ষীৰ চিকিৎসাৰ বাবে অসম আৰক্ষীৰ বিশেষ পদক্ষেপ ৷ বৰপেটাৰ আৰক্ষী নিবেশত মুকলি ক'ভিড কেয়াৰ কেন্দ্ৰ ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যেতি মহন্তই উদ্বোধন কৰে ক'ভিড কেয়াৰ কেন্দ্ৰটো ৷ ৫০ খন বিচনাযুক্ত এই ক'ভিড কেন্দ্ৰটোত ক'ভিড-১৯ ত আক্ৰান্ত আৰক্ষীৰ লোক সকলক চিকিৎসা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ বিশেষ সা-সুবিধাযুক্ত এই কেন্দ্ৰটোত ৰোগীক অক্সিজেন দিয়াৰো ব্যৱস্থাও থাকিব ৷
ইপিনে কৰ’ণাত আক্ৰান্ত আৰক্ষীৰ লোকসকলৰ চিকিৎসাৰ বাবে ইতিমধ্যে বৰমনিপুৰৰ ১৬ নং আই আৰ বেতেলিয়নত ১০ খন বিচনাযুক্ত আৰু দেৰগাঁও অসম আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত আন এটা ক’ভিড কেয়াৰ চেন্টাৰ মুকলি কৰা হৈছে বুলি প্ৰকাশ কৰে ভাস্কৰজ্যোতি মহন্তই ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানজনে জনোৱা মতে মঙলবাৰে পুৱালৈকে তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰায় ১৭০০ আৰক্ষীৰ লোক ক'ভিড ১৯ ত আক্ৰান্ত হৈছে ৷ ইয়াৰে প্ৰায় ১২০০ গৰাকী ক’ভিড পজিটিভ আৰক্ষী সুস্থ হৈ উঠাৰ বিপৰীতে প্ৰায় ৫০০ গৰাকী আৰক্ষীৰ লোক এতিয়াও চিকিৎসাধীন হৈ আছে ৷
আনহাতে ৰাজ্যখনত ক’ভিডত আক্ৰান্ত হৈ ৪ গৰাকী আৰক্ষীৰ লোকৰ মৃত্যু হোৱা বুলিও সদৰি কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷ ইপিনে সুস্থ হৈ উঠা ৪৩ জন আৰক্ষীৰ লোকে প্লাজমা দিয়াৰ যোগ্যতা অৰ্জন কৰিছে আৰু ইয়াৰে ৪০ জন আৰক্ষীৰ লোকে প্লাজমা দান কৰাৰ বাবে সাজু হৈ আছে বুলিও জানিবলৈ দিয়ে ভাস্কৰজ্যোতি মহন্তই ৷ গুৱাহাটী মহানগৰীত সৰ্বাধিক আৰক্ষীৰ লোক ক’ভিড-19 আক্ৰান্ত হোৱা বুলিও তেঁও সদৰি কৰে ৷ মঙলবাৰে বৰপেটাত ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি অনুষ্ঠানত পশ্চিম মণ্ডলৰ ডি আই জি ৰৌণক আলী হাজৰিকা, উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, বৰপেটাৰ আৰক্ষী অধীক্ষক ডা৹ ৰবীন কুমাৰ, চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেন্ট দিগন্ত চৌধুৰী, যুটীয়া স্বাস্থ্য সঞ্চালক তীৰ্থ নাথ শৰ্মা উপস্থিত থাকে ৷
লগতে পঢ়কঃ পাথাৰকান্দি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক কন্টইনমেন্ট জ’ন ঘোষণা