বৰপেটা, ৮ মে': চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম উলংঘা কৰাতো একাংশৰ বাবে যেন এতিয়া অভ্যাসত পৰিণত হৈছে । কোনোৱে যদি ক'ভিড বিধি উলংঘা কৰে, আন কোনোৱে আকৌ যানবাহন আইন ভংগ কৰে । প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ নকৰা পৰ্যন্ত এই সকলে নিজৰ ভুল উপলব্ধি কৰিব নোৱাৰে । শনিবাৰে যানবাহন আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে বৰপেটা আৰক্ষীয়ে । বৰপেটা চহৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে যানবাহন আইন ভংগকাৰীক শাস্তিমূলক ব্যৱস্থা হিচাপে জৰিমনা বিহে । মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হৈ পৰে ।
মাস্ক পৰিধান নকৰা বাহন চালক আৰু পথচাৰীৰ পৰাও আৰক্ষীয়ে জৰিমনা আদায় কৰে । প্ৰশাসনৰ শিথিলতা আৰু চৰকাৰী আইন পালনৰ ক্ষেত্ৰত একাংশ লোকৰ উদাসীনতাৰ বাবেই বৰপেটা চহৰত যান-জঁট এক জটিল সমস্যা হৈ পৰিছে ৷ যানবাহন আইন নমনা লোকসকলৰ বিৰুদ্ধে শনিবাৰে বৰপেটা আৰক্ষীয়ে আকস্মিকভাৱে জৰিমনা আদায়ৰ ব্যৱস্থা হাতত লৈছে যদিও বৰ্তমান কৰ'ণাসৃষ্ট পৰিস্থিতিত আৰ্থিকভাৱে জুৰুলা হৈ পৰা লোকসকলৰ পৰা জৰিমনা আদায়ৰ পৰিৱৰ্তে এইসকল লোকৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ৰাইজে আহ্বান জনাইছে ।