বৰপেটা, 8 আগষ্ট: বৰপেটা জিলাৰ সৰহভোগৰ নিচুকা গাঁও পঞ্চায়তত সংঘটিত হৈছে এক ভয়ংকৰ জালিয়াতি ৷ তথ্য জনা অধিকাৰ আইনে ফাদিল কৰিলে নিচুকা গাঁও পঞ্চায়তৰ বৰ্তমানৰ সভাপতি আনোৱাৰ মণ্ডল ওৰফে বাবুলে ভুৱা শিক্ষাৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি কংগ্ৰেছ দলৰ টিকটত বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়ী হোৱাৰ তথ্য ৷ অভিযোগ অনুসৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ সৰভোগ সমষ্টিৰ নিচুকা গাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ মণ্ডলে ২০১২ চনত বৰপেটাৰ দংৰা হাইস্কুলৰ এগৰাকী ছাত্ৰী ৰাশিদা চুলতানাৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি কম্পিউটাৰ স্কেণৰ দ্বাৰা মেট্ৰিকৰ ভুৱা প্ৰমাণ পত্ৰ তৈয়াৰ কৰি নিৰ্বাচন আয়োগক দাখিল কৰিছিল ৷
পৰৱৰ্তী সময়ত সভাপতি আনোৱাৰ মণ্ডলৰ শিক্ষাগত অৰ্হতা সম্পৰ্কে সন্দেহ ওপজাত একে গাঁৱৰে ইব্ৰাহিম আলীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে নথি পত্ৰ লাভ কৰি ছেবাৰ কাৰ্যালয়লৈ গৈ অনোৱাৰে ব্যৱহাৰ কৰা ৰোল নম্বৰটো বৰপেটাৰ দংৰা হাইস্কুলৰ ছাত্ৰী ৰাশিদা চুলতানাৰ বুলি নিশ্চিত হয় ৷ ইয়াৰ পাছত ইব্ৰাহিমে আনোৱাৰ মণ্ডলে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি নিৰ্বাচিত হোৱা বুলি অভিযোগ তুলি বৰপেটা থানাত গোচৰ ৰুজু কৰে ৷ বৰপেটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ২৭৩৫/১৮ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি ৪১৭/৪৬৮/৪৭১ ধাৰাত জামিন বিহীন গোচৰত আনোৱাৰক অভিযুক্ত কৰে ৷ ইয়াৰ পাছতেই গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ৰণজিৎ দাসৰ শৰণাপন্ন হৈ অভিযুক্ত আনোৱাৰ মণ্ডলে বিজেপিত যোগদান কৰে আৰু অভিযুক্ত আনোৱাৰক দলটোলৈ স্বাগতম জনায় দলটোৰ ৰাজ্যিক সভাপতিজনে ৷
ভুৱা শিক্ষাগত অৰ্হতা :বৰপেটাত পঞ্চায়ত সভাপতিৰ ভয়ংকৰ জালিয়াতি - BJP
ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিলেৰে নিৰ্বাচন আয়োগক আঁভুৱা ভাৰি হ’ল নিৰ্বাচিত ৷ তথ্য জনা আইনৰ দ্বাৰা ওলাল উৰহী গছৰ ওৰ ৷ গ্ৰেপ্তাৰৰ ভয়ত অভিযুক্ত পঞ্চায়ত সভাপতিয়ে পিন্ধিলে গেৰুৱাবসন ৷
বৰপেটা, 8 আগষ্ট: বৰপেটা জিলাৰ সৰহভোগৰ নিচুকা গাঁও পঞ্চায়তত সংঘটিত হৈছে এক ভয়ংকৰ জালিয়াতি ৷ তথ্য জনা অধিকাৰ আইনে ফাদিল কৰিলে নিচুকা গাঁও পঞ্চায়তৰ বৰ্তমানৰ সভাপতি আনোৱাৰ মণ্ডল ওৰফে বাবুলে ভুৱা শিক্ষাৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি কংগ্ৰেছ দলৰ টিকটত বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়ী হোৱাৰ তথ্য ৷ অভিযোগ অনুসৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ সৰভোগ সমষ্টিৰ নিচুকা গাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ মণ্ডলে ২০১২ চনত বৰপেটাৰ দংৰা হাইস্কুলৰ এগৰাকী ছাত্ৰী ৰাশিদা চুলতানাৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি কম্পিউটাৰ স্কেণৰ দ্বাৰা মেট্ৰিকৰ ভুৱা প্ৰমাণ পত্ৰ তৈয়াৰ কৰি নিৰ্বাচন আয়োগক দাখিল কৰিছিল ৷
পৰৱৰ্তী সময়ত সভাপতি আনোৱাৰ মণ্ডলৰ শিক্ষাগত অৰ্হতা সম্পৰ্কে সন্দেহ ওপজাত একে গাঁৱৰে ইব্ৰাহিম আলীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে নথি পত্ৰ লাভ কৰি ছেবাৰ কাৰ্যালয়লৈ গৈ অনোৱাৰে ব্যৱহাৰ কৰা ৰোল নম্বৰটো বৰপেটাৰ দংৰা হাইস্কুলৰ ছাত্ৰী ৰাশিদা চুলতানাৰ বুলি নিশ্চিত হয় ৷ ইয়াৰ পাছত ইব্ৰাহিমে আনোৱাৰ মণ্ডলে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি নিৰ্বাচিত হোৱা বুলি অভিযোগ তুলি বৰপেটা থানাত গোচৰ ৰুজু কৰে ৷ বৰপেটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ২৭৩৫/১৮ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি ৪১৭/৪৬৮/৪৭১ ধাৰাত জামিন বিহীন গোচৰত আনোৱাৰক অভিযুক্ত কৰে ৷ ইয়াৰ পাছতেই গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ৰণজিৎ দাসৰ শৰণাপন্ন হৈ অভিযুক্ত আনোৱাৰ মণ্ডলে বিজেপিত যোগদান কৰে আৰু অভিযুক্ত আনোৱাৰক দলটোলৈ স্বাগতম জনায় দলটোৰ ৰাজ্যিক সভাপতিজনে ৷
Body:মেট্ৰিক দেওনা উত্তীৰ্ণ নোহোৱাকৈ নিৰ্বাচনী আয়োগক ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি কংগ্ৰেছ দলৰ পৰা পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা সৰভোগৰ নিচুকা গাও পঞ্চায়তৰ সভাপতি আনোৱাৰ মণ্ডল উৰফে বাবুলে জামিন বিহীন গোচৰত অভিযুক্ত হৈয়ো আজিও মুকলি আকাশৰ তলতেই ঘুৰি আছে বুলি অভিযোগ উত্থাপন হৈছে ৷ গ্ৰেপ্তাৰ হোৱাৰ ভয়ত ইতিমধ্যে বিজেপি দলত যোগদান কৰা বুলিও অভিযোগ তুলিছে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ সৰভোগ সমষ্টিৰ নিচুকা গাও পঞ্চায়তৰ সভাপতি আনোৱাৰ মণ্ডল উৰফে বাবুলে ২০১২ চনত বৰপেটাৰ দংৰা হাইস্কুলৰ এগৰাকী ছাত্ৰী ৰাশিদা চুলতানাৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি কম্পিউটাৰত স্কেন কৰি মেট্ৰিকৰ ভুৱা প্ৰমান পত্ৰ বনাই নিৰ্বাচনী আয়োগক দাখিল কৰি কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্বলৈ পঞ্চায়ত নিৰ্বাচনত সভাপতি পদত অৱতীৰ্ণ হৈছিল আৰু তেও নিৰ্বাচিত হৈছিল ৷ নিৰ্বাচনৰ পাছত নিৰ্বাচিত হোৱা পঞ্চায়ত সভাপতি আনোৱাৰ মণ্ডলৰ শিক্ষাগত অৰ্হতা সম্পৰ্কে সন্দেহ উপজাত নিচুকা গাৱৰ ইব্ৰাহিম আলীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আনোৱাৰ মণ্ডল উৰফে বাবুলে নিৰ্বাচনী আয়োগক দাখিল কৰা শিক্ষাগত নথিবোৰ লাভ কৰি গুৱাহাটীৰ বামুনীমৈদামস্হিত বোৰ্ড অৱ ছেকেণ্ডাৰী ইডুকেচন অৰ্থাৎ ছেবাৰ কাৰ্যালয়লৈ গৈ তেওৰ প্ৰমান পত্ৰ ভুৱা বুলি নিশ্চিত হয় আৰু আৰু অভিযুক্ত আনোৱাৰ মণ্ডলে ব্যৱহাৰ কৰা ৰোল নম্বৰটো বৰপেটাৰ দংৰা হাইস্কুলৰ ছাত্ৰী ৰাশিদা চুলতানাৰ বুলি নিশ্চিত হয় ৷ নিচুকা পঞ্চায়তৰ সভাপতি আনোৱাৰ মণ্ডল উৰফে বাবুলে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি নিৰ্বাচিত হোৱা বুলি অভিযোগ তুলি নিচুকা গাৱৰ ইব্ৰাহিম আলীয়ে বৰপেটা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷ বৰপেটা আৰক্ষীয়ে ২৭৩৫/১৮ নম্বৰত গোচৰটো পঞ্জীভূত কৰি ৪১৭/৪৬৮/৪৭১ ধাৰাত জামিন বিহীন গোচৰত অভিযুক্ত কৰে ৷ অভিযুক্ত সভাপতি আনোৱাৰ মণ্ডল উৰফে বাবুলে উপায়ন্তৰহৈ আৰক্ষীৰ গ্ৰেপ্তাৰৰ পৰা সাৰিবলৈ নিচুকা পঞ্চায়ত সভাপতি আনোৱাৰ মণ্ডল উৰফে বাবুলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ শৰণাপন্ন হয় ৷ শিক্ষাগত প্ৰমান পত্ৰ জালিয়াতি গোচৰত জামিন বিহীন গোচৰত অভিযুক্ত হোৱাত নিচুকা পঞ্চায়ত সভাপতি আনোৱাৰ মণ্ডল উৰফে বাবুলে বিজেপিত যোগদান কৰে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে পঞ্চায়ত সভাপতি গৰাকীক বিজেপিত আদৰণি জনায় ৷ বিজেপি দলত যোগদান কৰাৰ পাছত এই গৰাকী অভিযুক্ত সভাপতি আনোৱাৰ মণ্ডল উৰফে বাবুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সাহস গোটাব পৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৷ Conclusion:নিচুকা পঞ্চায়তৰ সভাপতি আনোৱাৰ মণ্ডলে শিক্ষাগত প্ৰমান পত্ৰ জালিয়াতি কৰা বুলি অভিযোগ উত্থাপন কৰি নিচুকা গাৱৰ ইব্ৰাহিম আলীয়ে অভিযুক্ত পঞ্চায়ত সভাপতি গৰাকীৰ বিৰুদ্ধে বৰপেটাৰ উপায়ুক্ত , নিৰ্বাচনী বিষয়া,বৰপেটাৰ আৰক্ষী অধীক্ষক আৰু আৰক্ষী সঞ্চালক প্ৰধানক অভিযোগ দাখিল কৰিছে যদিও একমাত্ৰ শাসকীয় দল বিজেপি দলত যোগদান কৰাৰ বাবেই তেওক গ্ৰেপ্তাৰ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৷ অভিযোগ কাৰী ইব্ৰাহিম আলীৰ চৰকাৰলৈ প্ৰশ্ন সততে দুৰ্নীতি বিৰোধীৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰণজিৎ দাসৰ বিজেপিত অপৰাধীয়ে যোগদান কৰিলেই অপৰাধীয়ে অপৰাধ মুক্ত হৈ যায় নেকি ? শিক্ষাগত প্ৰমান পত্ৰ জালিয়াতি গোচৰত জামিন বিহীন ধাৰাত অভিযুক্ত নিচুকা গাও পঞ্চায়তৰসভাপতি আনোৱাৰ মণ্ডল উৰফে বাবুলক চৰকাৰৰ আৰক্ষীয়ে আটক কৰিবলৈ সাহস গোটাবলৈ সক্ষম হবনে ! বুলিও প্ৰশ্ন উত্থাপন কৰিছে নিচুকা গাৱৰ ইব্ৰাহিম আলীয়ে ৷
Abeul Khaleque Ahmed
Etv Bharat
Barpeta road