জনীয়া, ৯ জুলাইঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লীত বেঁকী নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে এটি তিনি বছৰীয়া শিশু। সোমবাৰে সন্ধিয়া সন্ধানহীন হোৱা শিশুটি আব্দুল খালেকৰ পুত্ৰ খাইৰুল জামান বুলি জানিব পৰা গৈছে । দুদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে ভূটানৰ পৰা নামি অহা বেঁকী নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে খাৰবাল্লী, কাচুকাটি, সুতিৰপাথাৰ, ডাউকমাৰী, বৰডাংগা, গুইলেজা আদি বিস্তীৰ্ণ অঞ্চল।
যাৰ ফলত বেঁকী নৈত উটি যোৱা শিশুটিক স্থানীয় ৰাইজ আৰু কলগাছিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। কিন্তু মঙলবাৰে ৰাতিপুৱাৰে পৰা হাউলিৰ NDRF বাহিনীয়ে শিশুটিক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে উদ্ধাৰ হোৱা নাই শিশুটি । বেঁকী নৈৰ বাঢ়নী পানীৰ তীব্ৰ সোঁতৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে বুলি জানিবলৈ দিয়ে NDRF বাহিনীয়ে। আনহাতে পুত্ৰ সন্ধানহীন হোৱা ফলত আবেগিক হৈ ভাগি পৰিছে পৰিয়ালটো ।