ETV Bharat / state

লক ডাউনৰ নামত অযথা হাৰাশাস্তিঃ আৰক্ষীৰ বিৰুদ্ধে চিকিৎসকৰ ধৰ্ণা

লক ডাউনৰ নামত বৰপেটাত চিকিৎসক, চিকিৎসা কৰ্মীক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বৰপেটা মেডিকেল কলেজ হাস্পতালৰ সকলো স্বাস্থ্যকৰ্মী ৷

barpeta medical college staff protest against police
বৰপেটাত আৰক্ষীৰ বিৰুদ্ধে চিকিৎসকৰ ধৰ্ণা
author img

By

Published : Apr 10, 2020, 6:56 PM IST

বৰপেটা, ১০ এপ্ৰিলঃ লক ডাউনৰ মাজতো প্ৰতিবাদত নামিল বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকলৰ লগতে সকলো স্বাস্থ্যকৰ্মী ৷ মহামাৰী কৰ'ণাৰ বিৰুদ্ধে জৰুৰীকালীন সেৱাত নিয়োজিত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ ওপৰত বৰপেটা আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল এইসকল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ লক ডাউনৰ নামত বৰপেটা মেডিকেল কলেজৰ জৰুৰীকালীন সেৱাত কতৰ্ব্যৰত চিকিৎসক, স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলক আৰক্ষীয়ে চলাই আহিছে তীব্ৰ হাৰাশাস্তি ৷ স্বাস্থ্য বিভাগৰ জৰুৰী সেৱাত কৰ্তব্যৰত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল এনেদৰে আৰক্ষীৰ বিৰুদ্ধে আন্দোলনত বহাৰ খবৰ লাভ কৰাৰ পিচত বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি আৰু ডি এচ পি সমীৰণ বৈশ্য প্ৰতিবাদস্থলীত উপস্থিত হৈ কৰ্মচাৰীসকলৰ অভিযোগ গ্ৰহণ কৰি পুনৰ এনেধৰণৰ হাৰাশাস্তি কৰা নহ'ব বুলি আশ্বাস প্ৰদান কৰে ৷

বৰপেটাত আৰক্ষীৰ বিৰুদ্ধে চিকিৎসকৰ ধৰ্ণা

উল্লেখ্য যে, লক ডাউনৰ নামত বৰপেটা আৰক্ষীয়ে চিকিৎসক আৰু চিকিৎসা কৰ্মীক চলাই অহা হাৰাশাস্তি বন্ধ কৰাৰ বাবে এসপ্তাহ পূৰ্বে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাই স্বয়ং বৰপেটাৰ উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰাৰ পিচতো প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ বাবেই অৱশেষত শুকুৰবাৰে জৰুৰী সেৱাত নিয়োজিত চিকিৎসা কৰ্মীসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰে ৷

লগতে পঢ়কঃমহানগৰীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.