ETV Bharat / state

Barpeta Love Jihad: লাভ জেহাদৰ অভিযুক্ত ৰিতুল হুছেইনক কাৰাগাৰলৈ প্ৰেৰণ

author img

By

Published : Mar 22, 2023, 10:36 PM IST

ৰাজ্য তোলপাৰ লগোৱা বৰপেটা লাভ জেহাদকাণ্ডৰ অভিযুক্ত আদালতে ৰিতুল হুছেইনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় (Love Jihad Accused Ritul Hussain jailed) ৷

Barpeta Love Jihad Ritul Hussain jailed
ৰিতুল হুছেইনক কাৰাগাৰলৈ প্ৰেৰণ

বৰপেটা, ২২ মাৰ্চ: অৱশেষত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় বৰপেটাৰ লাভ জেহাদকাণ্ডৰ অভিযুক্ত ৰিতুল হুছেইনক (Love Jihad Accused Ritul Hussain jailed)৷ মঙলবাৰে নিশা বৰপেটাৰ এগৰাকী যুৱতীক অপহৰণ আৰু লাভ জেহাদৰ অভিযোগত অভিযুক্ত ৰিতুল হুছেইনক বৰপেটা আৰক্ষীয়ে মন্দিয়াৰ নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল (Barpeta Love Jihad) ৷ গ্ৰেপ্তাৰৰ পিচতে ৰিতুল হুছেইনক আৰক্ষীয়ে বৰপেটাৰ মুখ্য ন্যায়িক আদালতত হাজিৰ কৰায় ৷ তাৰ পিচতে আদালতে অভিযুক্ত ৰিতুল হুছেইনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, ৰাজ্যজুৰি বৰপেটাৰ লাভ জেহাদৰ ঘটনাই ব্যাপক তোলপাৰ লগাইছে ৷ অভিযোগ অনুসৰি বৰপেটাৰ এগৰাকী যুৱতীয়ৈ পৰীক্ষা দিবলৈ যোৱাৰ সময়তে ৰিতুল হুছেইন নামৰ যুৱকজনে অপহৰণ কৰি ভয় ভাবুকিৰে চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিধায়ক আৱাসত ৰাখিছিল (Barpeta Love Jihad Accused Ritul Hussain) ৷ তাৰ পিচত যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ লগতে অনৈতিক কাৰ্যকলাপত জড়িত কৰাৰো অভিযোগ উত্থাপন হৈছিল ৷

এই ঘটনা সন্দৰ্ভত প্ৰথমে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছি ভুক্তভোগী যুৱতীগৰাকীয়ে ৷ তাৰ পিচতে দিছপুৰ আৰক্ষীয়ে এই গোচৰটো বৰপেটা আৰক্ষীলৈ হস্তান্তৰ কৰে ৷ যুৱতীগৰাকীয়ে পিতৃৰ সৈতে মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) সাক্ষাৎ কৰি ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল ৷

এই ঘটনাৰ পিচত মঙলবাৰে দিনত এখন সংবাদমেলৰ আয়োজন কৰি ৰিতুলে যুৱতীগৰাকীৰ লগতে তেওঁৰ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক থকাৰ লগতে তেওঁৰ লগত যুৱতীগৰাকী নিজ ইচ্ছামতে পলাই যোৱা বুলি সকলো অভিযোগ নস্যাৎ কৰিছিল (Ritul Hussain press meet)৷ লগতে ৰিতুলে উল্লেখ কৰিছিল যে, যুৱতীগৰাকীয়ে ঘৰৰ লোকৰ হেঁচাত পৰি ৰিতুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ ইয়াৰোপৰি ৰিতুল আৰু যুৱতীগৰাকীৰ সম্পৰ্কক নাটকীয় ঘটনা দি যুৱতীগৰাকীৰ পিতৃয়ে সংবাদমাধ্যমৰ সন্মুখত ভুৱা নাটক ৰচা বুলি সদৰী কৰিছিল ৰিতুলে ৷

আনকি ৰিতুল আৰু যুৱতীগৰাকীয়ে পলাই যোৱাৰ সময়ত বহুতো ফটো একেলগে তোলাৰ লগতে হাতে হাতে ধৰি ৰোমাণ্টিক ভিডিঅ’ বনাই সামাজিক মাধ্যমত দিয়াৰ কথাও প্ৰকাশ কৰিছিল ৷ পিচে এই সংবাদমেলখনৰ কিছু সময়ৰ পিচতে বৰপেটা আৰক্ষীৰ জালত পৰে ৰিতুল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মঙলবাৰে নিশাই ৰিতুল হুছেইনক গ্ৰেপ্তাৰ কৰি বৰপেটা আৰক্ষীয়ে ৷ ইপিনে যুৱতীগৰাকীক অপহৰণ কৰি নি চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিধায়ক আৱাসত ৰখা আৰু এইক্ষেত্ৰত বিজেপি নেতা জিতু তালুকদাৰে সহযোগ কৰাৰ অভিযোগ তুলিছিল ভুক্তভোগী যুৱতীগৰাকীয়ে ৷

এতিয়া অচিৰেই বিধায়ক আশ্ৰাফুল হুছেইনৰ লগতে বিজেপি নেতা জিতু তালুকদাৰো কাৰাগাৰৰ চাৰিবেৰত আৱদ্ধ হোৱাৰ আশংকা আছে বুলি সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: Woman seeking help: মোক অসম চৰকাৰে উদ্ধাৰ কৰক, বিহাৰৰ পৰা এগৰাকী অন্তঃসত্বা মহিলাৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.