ETV Bharat / state

বৰপেটাৰ মন্দিয়াত কৃষক সভাৰ প্ৰতিবাদ

author img

By

Published : Aug 22, 2019, 12:24 AM IST

বান-সাহাৰ্য বিতৰণৰ ক্ষেত্ৰত চৰকাৰৰ বৈষম্যমূলক আচৰণৰ অভিযোগ ৷ সংখ্যালঘু অঞ্চলৰ তুলনাত সংখ্যাগুৰু অধ্যুষিত অঞ্চল সমুহত পৰ্যাপ্ত পৰিমানে বান-সাহাৰ্য বিতৰণ ৷

বৰপেটাৰ মন্দিয়াত কৃষক সভাৰ প্ৰতিবাদ

বৰপেটা, ২১ আগষ্টঃ সংখ্যালঘু সম্প্ৰদায়ৰ বানপীড়িত লোকসকলক সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে বৈষম্যমূলক আচৰণ কৰা বুলি অভিযোগ তুলি বৰপেটাৰ মন্দিয়া আৰু জনীয়া আঞ্চলিক কৃষক সভাই বুধবাৰে মন্দিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ কৃষক সভাৰ অভিযোগ, এইবছৰ বানত সৰ্বস্বান্ত হোৱা বৰপেটা জিলাৰ কেইবা লক্ষাধিক লোকৰ মাজত চৰকাৰে সাহাৰ্য প্ৰদান কৰিছিল যদিও সংখ্যালঘু অঞ্চলৰ তুলনাত সংখ্যাগুৰু অধ্যুষিত অঞ্চল সমুহত পৰ্যাপ্ত পৰিমানে বান-সাহাৰ্য বিতৰণ কৰিছে চৰকাৰে ৷ বৰপেটা জিলা কৃষক সভাৰ নেতৃত্বৰ শতাধিক কৃষকে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সৰ্বস্বান্ত কৃষক সকলক বিনামূলীয়া বীজ, সাৰ আদি যোগান ধৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷

Intro:
বৰপেটা, ২১ আগষ্টঃ বৰপেটাৰ বাঘবৰৰ মন্দিয়াত কৃষক সভাৰ অৱস্থান ৷ বান খহনীয়াত সৰ্বস্বান্ত পৰিয়ালক পুনৰ সংস্থাপন আৰু আৰ্থিক সাহায্য প্ৰদানৰ দাবীত মন্দিয়া আৰু জনীয়া আঞ্চলিক কৃষক সভাই মন্দিয়াত অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ Body:এইবাৰৰ বানত বৰপেটা জিলাৰ হেজাৰোধৰ গাও বানৰ কবলত পৰাৰ লগতে জিলাখনৰ কেবা লক্ষাধিক লোক সৰ্বস্বান্ত হৈ পৰিছে ৷ কিন্তু বানত ক্ষতিগ্ৰস্থ লোকক সাহায্য প্ৰদানৰ নামত ৰাজ্য চৰকাৰে বৈষম্যৰ আশ্ৰয় লোৱা বুলি অভিযোগ তোলে কৃষক সভাই ৷ কৃষক সভাৰ অভিযোগ- বৰপেটা চহৰকে আদি কৰি সংখ্যগুৰু অধ্যুষিত অঞ্চল সমুহত পৰ্যাপ্ত পৰিমানে বান-সাহায্য বিতৰন কৰিছে চৰকাৰে ৷ কিন্তু তাৰ বিপৰীতে সংখালঘু সম্প্ৰদায়ৰ বানপীড়িত লোকসকলক সাহায্য প্ৰদানৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰন কৰা বুলি অভিযোগ তুলি সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ মাজত নামমাত্ৰ সাহায্যসামগ্ৰী বিতৰন কৰিয়েই দায়িত্ব সামৰা বুলি চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে বৰপেটা জিলা কৃষক সভাই ৷ বানপীড়িত সংখ্যালঘু সকলক কৰা এনে বৈষম্যৰ বিৰুদ্ধে আজি কৃষক সভাই এইধৰনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে বানত সৰ্বস্বান্ত লোকসকলক আৰ্থিক সাহায্য প্ৰদানৰ দাবী তোলে কৃষক সভাই ৷ বানত সৰ্বস্বান্ত কৃষকে যাতে সহজতে ৰবি শস্যৰ খেতি কৰিব পাৰে তাৰবাবে বিনামূলীয়াভাৱে মাটি চহ কৰি বিনামূলীয়া বীজ, সাৰ আদি যোগান ধৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷ কৃষক সভাৰ এই প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচীত বৰপেটা জিলা কৃষক সভাৰ নেতৃত্বৰ লগতে শতাধিক কৃষকে অংশগ্ৰহন কৰে ৷

Conclusion:বাইটঃ কৃষক নেতা ৷

---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.