বৰপেটা, ৩ নৱেম্বৰ: খাদ্য-সামগ্ৰী আৰু পেট্ৰলিয়ামজাত সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধৰ বাবে আজি বৰপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ জিলাখনৰ মিলেনিয়াম পাৰ্কৰ সন্মুখত ৰূপায়ন কৰা হয় এই কাৰ্যসূচী ৷
শেহতীয়াকৈ নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰী আৰু পেট্ৰলিয়ামজাত সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি হোৱাৰ পাচতো এই মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ভাৰত তথা অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে । এই ক্ষেত্ৰত অসম চৰকাৰৰ যোগদান বিভাগো সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ আছে ৷ যাৰ বাবে বৰপেটা জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
প্ৰতিবাদকাৰী সকলে 'অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী মুৰ্দাবাদ ,মূল্য বৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ এই কাৰ্যসূচীত বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক কাজী নাজিমুল হক, কৃষক মুক্তিৰ মণিৰুদ্দিন, ছাত্ৰ মুক্তিৰ ময়নুল হক আদিৰ লগতে বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকে ৷
অন্য এক খবৰৰ বাবে: দোষীৰ শাস্তিৰ দাবীত টিংখাং বাসীৰ প্ৰতিবাদ