ETV Bharat / state

৩৬৫ দিনৰ ভিতৰত ৬৫ দিনেও পাঠদান নোহোৱা এখন বিদ্যালয় - বিদ্যালয়খনৰ শ্ৰেণী কোঠা এতিয়া মৰাপাট ৰখা ভড়াল

কলগাছিয়াত ফাদিল শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ ৷ ঘৰত বহি দৰমহা ভোগ কৰিছে ১৬৭০ নং উত্তৰ সুতিৰপাথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে ৷ বিদ্যালয়ৰ প্ৰতি নাই কোনো দায়িত্ব ৷ নাম গোন্ধ নাই ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ । শিক্ষক আৰু ছাত্ৰ ছাত্ৰী নথকাত গোহালি ঘৰলৈ পৰিণত বিদ্যালয়ৰ শ্ৰেণী কোঠা ৷

৩৬৫ দিনৰ ভিতৰত ৬৫ দিনেও পাঠদান নোহোৱা এখন বিদ্যালয়ৰ কাহিনী
author img

By

Published : Aug 24, 2019, 3:38 PM IST

Updated : Aug 24, 2019, 5:00 PM IST

জনীয়া, 24 আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়াত স্থিত ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সুতিৰপাথাৰ গাঁৱৰ ১৬৭০ নং উত্তৰ সুতিৰপাথাৰ প্ৰাথমিক বিদ্যালয়খনত সংঘটিত হৈছে এক নাভূত নাশ্ৰুত কাণ্ড । বিদ্যালয়খনত কাগজে কলমে শতাধিক ছাত্ৰ ছাত্ৰী থকাৰ বিপৰীতে শিক্ষক আছে মাত্ৰ দুজন ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল গফুৰ মণ্ডলে বছৰৰ অধিকাংশ দিন বিদ্যালয়ত অনুপস্থিত থকাৰ লগতে সহ-শিক্ষক আজাহাৰ আলীয়েও নিজৰ মইমতালিৰে বিদ্যালয় চলোৱাৰ লগতে ঘৰত বহি ভোগ কৰিছে দৰমহা ৷ এই অভিযোগ এতিয়া অঞ্চলটোৰ স্থানীয় ৰাইজৰ ৷ ফলত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক নথকাৰ বাবে গোহালি ঘৰত পৰিণত হৈছে বিদ্যালয়খন ৷ বিদ্যালয়খনৰ শ্ৰেণী কোঠা এতিয়া একাংশ লোকৰ বাবে হৈ পৰিছে মৰাপাট ৰখা ভড়াল ৷

মন কৰিবলগীয়া যে বৰপেটা জিলাৰ ভিতৰত সৰ্বনিম্ন শিক্ষাৰ হাৰ থকা এই সুতিৰপাথাৰ গাঁৱত এইদৰে চৰকাৰৰ শিক্ষা ব্যৱস্থা ভেকোঁভাওনাত পৰিণত হোৱাৰ পাচতো কিয় এতিয়ালৈকে একো ব্যৱস্থা লোৱা নাই বিয়াগোম শিক্ষা বিভাগে ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে বছৰৰ ৩৬৫ দিনৰ ৬৫ দিনো খোলা নাথাকে বিদ্যালয়খন ৷ ইফালে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ নামতো বিদ্যালয়খনত এতিয়া চলিছে ব্যাপক অনিয়ম ৷ যাৰ ফলত এতিয়া শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে বিদ্যালয়খনৰ ৷ ঘটনাটোক লৈ ছাত্ৰ-ছাত্ৰী অৰু অভিভাৱকৰ মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Intro:slug: as_jania_24aug_kalgachia_school_bondh_vis1+byt2+pho1_spl_story_asc10058

Anchor : কলগাছিয়াত শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ। ৩৬৫ দিনৰ ভিতৰত ৬৫ দিনেও পাঠদান নোহোৱা এখন বিদ্যালয়ৰ কাহিনী। নাম গোন্ধ নাই ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ। শিক্ষক আৰু ছাত্ৰ ছাত্ৰী নথকাত গোহালি ঘৰত পৰিণত বিদ্যালয়ৰ শ্ৰেণী কোঠা। ঘৰত বহি দৰমহা ভোগ কৰিছে শিক্ষকৰ। অভিভাৱক, শিক্ষা সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া।Body:slug: as_jania_24aug_kalgachia_school_bondh_vis1+byt2+pho1_spl_story_asc10058

V.O: বৰপেটা জিলাৰ কলগাছিয়াত স্থিত ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত
সুতিৰপাথাৰ গাঁৱৰ ১৬৭০ নং উত্তৰ সুতিৰপাথাৰ প্ৰাথমিক বিদ্যালয়খনত সংঘটিত হৈছে এই নাভূত নাশ্ৰুত কাণ্ড। বিদ্যালয়খনত কাগজে কলমে শতাধিক ছাত্ৰ ছাত্ৰী থকাৰ বিপৰীতে শিক্ষক আছে দুজন। বিদ্যালয় খনৰ প্ৰধান শিক্ষক আব্দুল গফুৰ মণ্ডলে বছৰৰ অধিকাংশ দিন বিদ্যালয়ত অনুপস্থিত থকাৰ লগতে সহ শিক্ষক আজাহাৰ আলীয়েও নিজৰ মৈমতালিৰে বিদ্যালয় চলোৱাৰ লগতে ঘৰত বহি দৰমহা ভোগ কৰিছে বুলি অভিযোগ উত্থাপন গৈছে। ফলত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক নথকাৰ বাবে গোহালি ঘৰত পৰিণত হৈছে বিদ্যালয়খন। একাংশ লোকে মৰাপাট ৰখা ভৰাল হিচাপে ব্যৱহাৰ কৰি আছে শ্ৰেণী কোঠা। স্মৰ্তব্য যে, বৰপেটা জিলাৰ ভিতৰত সৰ্ব নিম্ন শিক্ষাৰ হাৰ থকা এই সুতিৰপাথাৰ গাঁৱত এইদৰে চৰকাৰৰ শিক্ষা ব্যৱস্থা ভেকোভাওনাত পৰিণত হৈছে। অভিযোগ মতে বছৰৰ ৩৬৫ দিনৰ ৬৫ দিনো বিদ্যালয় খন খোলা নাথাকে। ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ নামতো চলিছে দুৰ্ণীতি। নিয়মীত ভাৱে পাঠদান নোহোৱাত দীৰ্ঘদিন ধৰি বিদ্যালয় খনত মধ্যাহ্ন ভোজনৰ নাম গোন্ধ একেবাৰে নাইকিয়া হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত বিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হব ধৰাত এলেকাটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। Conclusion:slug: as_jania_24aug_kalgachia_school_bondh_vis1+byt2+pho1_spl_story_asc10058

Byte: সচেতন ব্যক্তি।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Aug 24, 2019, 5:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.