ETV Bharat / state

একেখন আৰক্ষী চকীৰে 19 গৰাকী আক্ৰান্ত হ'ল কৰ'ণাত

কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাসসহ আন কেইবাগৰাকী জোৱানৰ সৈতে 19 গৰাকীকৈ লোকৰ কোভিড-19 পজিটিভ হোৱাক কেন্দ্ৰ কৰি আতংকিত হৈছে কলগাছিয়াবাসী । জন শূন্য হৈ পৰিছে থানাৰ চৌহদ । আৰক্ষী থানাখন ছীল কৰা হোৱা নাই যদিও বাহিৰা লোকক ভিতৰত প্ৰৱেশৰ বাবে বাধা নিক্ষেপ কৰা হৈছে ৷

কলগাছিয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দেহত কোভিড-19 পজিটিভ

author img

By

Published : Jul 6, 2020, 7:14 PM IST

কলগাছিয়া, 6 জুলাই : ৰাজ্যত শেহতীয়াকৈ আৰক্ষীৰ মাজত কোভিড-19ৰ সংক্ৰমণে আতংকৰ সৃষ্টি কৰাৰ সময়তে কলগাছিয়া আৰক্ষী থানাতো সৃষ্টি হৈছে আতংকৰ ৷ সোমবাৰে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাসসহ আৰক্ষী থানাৰ আন কেইবাজনো আৰক্ষীৰ জোৱানৰ লগতে এলেকাৰ 19 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি ৷

এই ঘটনাৰ পিছতে কলগাছিয়াত নিৰাপত্তাৰ দ্বায়িত্বত কোনো আৰক্ষীৰ লোকক থানাত উপস্থিত হোৱা দেখা নগ’ল । খবৰ সংগ্ৰহ কৰা সময়লৈকে কলগাছিয়া আৰক্ষী থানাখন ছীল কৰা হোৱা নাই যদিও বাহিৰা লোকক ভিতৰত প্ৰৱেশৰ বাধা আৰোপ কৰা হৈছে ৷ কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতাই সদৰি কৰে এই কথা ।

কলগাছিয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দেহত কোভিড-19 পজিটিভ

ইফালে, কলগাছিয়াত যাতে আৰু অধিক কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি হ’ব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসন অধিক কঠোৰ হ’ব লাগে বুলি বিভিন্ন পক্ষই দাবী উত্থাপন কৰে । কলগাছিয়াত পুনৰ লক ডাউন ঘোষণা কৰাৰ প্ৰয়োজন আছে বুলি ইতিমধ্যে ৰাইজৰ মাজত চৰ্চা হৈছে ।

লগতে পঢ়ক : অসম আৰক্ষীৰ 220 গৰাকী কোভিড-19ত আক্ৰান্ত : আৰক্ষী সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.