ETV Bharat / state

বৰপেটা সত্ৰৰ বৰখালত দুদিনীয়া কাৰ্যসূচীৰে যাত্ৰা নাট সমাৰোহ

author img

By

Published : Jan 20, 2020, 12:18 PM IST

বৰপেটাৰ যাত্ৰা নাটৰ গৌৰৱময় ইতিহাস সুঁৱৰি বৰপেটা সত্ৰৰ বৰখালত শনিবাৰৰ পৰা আৰম্ভ হৈছে যাত্ৰা নাট সমাৰোহ ৷ সত্ৰৰ তিথি উৎসৱ সমুহত যাত্ৰান নাট পৰিৱেশনত গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত যাত্ৰা নাট সমাৰোহ
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত যাত্ৰা নাট সমাৰোহ

বৰপেটা, 20 জানুৱাৰীঃ লোক কলা,সত্ৰীয়া সংস্কৃতিৰ লগতে যাত্ৰা নাট,ভাওনা আদি বিবিধ কৃষ্টি সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে ভৰপুৰ বৰপেটাৰ সংস্কৃতিৰ বৰঘৰ ৷ এসময়ত ব্যাপকভাৱে প্ৰচলিত বৰপেটাৰ যাত্ৰা নাটৰ গৌৰৱময় ইতিহাস সুঁৱৰি বৰপেটা সত্ৰৰ বৰখালত শনিবাৰৰ পৰা আৰম্ভ হৈছে যাত্ৰা নাট সমাৰোহ ৷

দুদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰৰ বৰখালত অনুষ্ঠিত যাত্ৰা নাট সমাৰোহ

এই যাত্ৰা নাট সমাৰোহত শনিবাৰ আৰু দেওবাৰে নিশা মঞ্চস্থ কৰা হয় শকুনিৰ প্ৰতিশোধ,উমাতাৰা,দানবীৰ ৰজা হৰিশ্চন্দ্ৰ আৰু ৰক্ষকুমাৰ নামৰ নাট চাৰিখন ৷ যাত্ৰা নাটকৰ ক্ষেত্ৰত সম্প্ৰতি ম্লান পৰিছে বৰপেটাৰ পূৰ্বৰ গৰিমা ৷ সেয়েহে ইয়াৰ চৰ্চা অব্যাহত ৰখাৰ উদ্দেশ্যৰে,সামাজিক-সাংস্কৃতিক অনুষ্ঠান তাঁতীকুছিয়ে এইবেলি অনুষ্ঠিত কৰে এই যাত্ৰা নাট সমাৰোহ ৷ পূৰ্বতে বৰপেটা সত্ৰৰ বংশৰাসকলৰ দ্বাৰা যাত্ৰানাট পৰিৱেশন কৰা হৈছিল ৷ পূৰ্বৰ গৰিমা সুঁৱৰি সত্ৰৰ বংশৰাসকলৰ দ্বাৰা সত্ৰৰ তিথি উৎসৱ সমুহত যাত্ৰানাট পৰিৱেশনত গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই

লগতে পঢ়কঃ বৰ্ণিল কাৰ্যসূচীৰ মাজুলীত আৰম্ভ অসম ভাওনা সমাৰোহ

Intro:

বৰপেটা, ২০ জানুৱাৰীঃ যাত্ৰা নাটৰ চৰ্চাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব বৰপেটা সত্ৰই ৷ এসময়ৰ অসমীয়া সমীজত যাত্ৰা নাটৰ ব্যাপক প্ৰভাৱ আছিল যদিও এতিয়া লোপ পাইছে যাত্ৰানাটৰ অভিনয় ৷ সেয়ে এতিয়াৰে পৰা বৰপেটা সত্ৰৰ বংশৰাসকলে সত্ৰৰ তিথি উৎসৱত নিয়মিতভাৱে পৰিবেশন কৰিব যাত্ৰা নাট ৷

Body:লোক কলা, সত্ৰীয়া সংস্কৃতিৰ লগতে যাত্ৰা নাট, গীত, পদ ভাওনা আদি বিবিধ কৃষ্টি সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে ভৰপুৰ বৰপেটাৰ সংস্কৃতিৰ বৰঘৰ ৷ অসমত আৰম্ভ হোৱা বাংলা নাটকৰ ব্যাপক প্ৰচলন বন্ধৰ উদ্দেশ্যৰে ১৯১১ চনতে প্ৰৱল জাতীয়তাবাদী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসমীয়া ভাষাত যাত্ৰা নাটক ৰচনা কৰাৰ লগতে বৰপেটা সত্ৰৰ টুপৰ চোতালত নাট মঞ্চস্থ কৰি অসমত অসমীয়া নাটকৰ প্ৰচলনৰ উদ্যোগ গ্ৰহন কৰিছিল ৷ ১৯১১ চনৰ পৰা অম্বিকাগিৰি ৰায় চৌধুৰীয়ে বৰপেটাত আৰম্ভ কৰা যাত্ৰা নাটকৰ চৰ্চা কিছু পৰিমানে ব্যাহত হৈছে ৷ এসময়ত যাত্ৰা নাটৰ ব্যাপক প্ৰচলন হোৱা বৰপেটাৰ যাত্ৰা নাটৰ গৌৰৱময় ইতিহাস সুৱৰি বৰপেটা সত্ৰৰ বৰখালত শনিবাৰৰ পৰা আৰম্ভ হৈছে যাত্ৰা নাট সমাৰোহ ৷ এই যাত্ৰা নাট সমাৰোহত শনি আৰু দেওবাৰে নিশা মঞ্চস্থ কৰা হয় চাৰিখনকৈ নাটক ৷ যাত্ৰা নাটকৰ ক্ষেত্ৰত সম্প্ৰতি ম্লান পৰিছে বৰপেটাৰ পূৰ্বৰ গৰিমা ৷ বৰপেটাৰ যাত্ৰা নাটৰ ঐতিহ্য সুৱৰি ইয়াৰ চৰ্চা অব্যহত ৰখাৰ উগ্দেশ্যৰে সামাজিক সাংস্কৃতিক অনুষ্ঠান তাঁতীকুছিয়ে এইবেলি আৰম্ভ কৰে এই যাত্ৰা নাট সমাৰোহ ৷ যাত্ৰানাট সমাৰোহ উপলক্ষে শকুনিৰ প্ৰতিশোধ, উমাতাৰা, দানবীৰ ৰজা হৰিশ্চন্দ্ৰ আৰু ৰক্ষকুামাৰ নামৰ নাট চাৰিখন মঞ্চস্থ কৰা হয় ৷ পূৰ্বতে বৰপেটা সত্ৰৰ বংশৰাসকলৰ দ্বাৰা যাত্ৰানাট পৰিবেশন কৰা হৈছিল ৷ বৰপেটা সত্ৰৰ পূৰ্বৰ গৰিমা সুৱৰি সত্ৰৰ বংশৰাসকলৰ দ্বাৰা সত্ৰৰ তিথি উৎসৱ সমুহত যাত্ৰানাট পৰিবেশনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷ ইপিনে যাত্ৰানাট সমাৰোহ উপলক্ষে অনুষ্ঠিত আলোচনা চক্ৰ ত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া প্ৰমুখ্যে বিভিন্নজনে অংশগ্ৰহন কৰে ৷

Conclusion:বাইটঃ বশিষ্ঠ শৰ্মা ৷ বুঢ়া সত্ৰীয়া, বৰপেটা সত্ৰ ৷
বাইটঃ হৰেকৃষ্ণ দাস, আয়োজক, তাঁতীকুছি ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.