বৰপেটা,3 মাৰ্চ: সমাগত ৰঙৰ উৎসৱ হোলী । হোলীক আদৰাৰ বাবে হোলীগীতৰ শিল্পীসকল সাজু হৈ পৰাৰ সময়তে দেওবাৰে বৰপেটা সত্ৰৰ নহাটীৰ বাটচ'ৰাত উন্মোচন কৰা হয় হোলী গীতৰ এক সংকলন । হৰেকৃষ্ণ দাসৰ সম্পাদনাত " খেলো হোলী বৃন্দাবনে" নামৰ হোলীগীতৰ সংকলনখন উন্মোচন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ সাধক বশিষ্ট শৰ্মাই আৰু প্ৰকাশ কৰে মনিকা দাসে । এই হোলীগীত সংকলন উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিদ অৰ্জুন দাস, ড0 বাবুল দাস আদিকে ধৰি বহু বিশিষ্ট লোকে ৷
বৰপেটাত উন্মোচন হোলী গীতৰ সংকলন - বৰপেটা
ৰঙৰ উৎসৱ হোলীৰ লগত সংগতি ৰাখি ''খেলো হোলী বৃন্দাবনে" নামৰ সংকলনখনি উন্মোচন সত্ৰীয়া সংস্কৃতিৰ সাধক বশিষ্ট শৰ্মাৰ