বৰপেটা, ৪ অক্টোবৰঃ হাউলী ৰাস মহোৎসৱৰ কথা ওলালেই ৰাসৰ আধ্যাত্মিক, সাংস্কৃতিক আদি বিবিধ কাৰ্যক্ৰমনিকাৰ লগতে বিশেষ ভাৱে মনলৈ আহে লটাৰী খেলৰ কথা ৷ কিয়নো মানুহৰ মাজত হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলখলনৰ আকৰ্ষণ সৰ্বাধিক ৷ এইবেলি ৯২ সংখ্যক বৰ্ষত পদাৰ্পন কৰা হাউলী ৰাস মহোৎসৱ উপলক্ষে আয়োজন কৰা উপহাৰ কুপন খেলৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে কুপন মুকলি কৰা হয় ৷ হাউলী ৰাস মহোৎসৱৰ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহাৰ্যাৰ্থে আয়োজন কৰা উপহাৰ কুপন খেলখনত এইবাৰ প্ৰথম পুৰস্কাৰ হিচাপে আগবঢ়োৱা হৈছে বিলাসী 'স্কোডা কডিয়াক' গাড়ী ৷ যিখন গাড়ীৰ মূল্য ৩৫ লাখ ৩৬ হাজাৰ টকা ৷ বিলাসী স্কোডা কডিয়াক গাড়ীখন অৱশ্যে এই মুহূৰ্তলৈকে হাউলী আহি পোৱা নাই ৷ অসমত গাড়ীখনৰ শ্ব'ৰূম নথকাৰ বাবে কলকতাৰ পৰা গাড়ীখন দুই এদিনৰ ভিতৰত হাউলীলৈ অনা হ'ব ৷
তাৰোপৰি উপহাৰ কুপন খেলখনত মুঠ ১৯ খন গাড়ীৰ উপহাৰ আগবঢ়োৱা হৈছে ৷ 'স্কোডা কডিয়া'ক গাড়ীখনৰ সৈতে পুৰস্কাৰ হিচাপে আগবঢ়োৱা আন গাড়ীকেইখন হ'ল- জীপ কম্পাচ, টাটা হাৰিয়াৰ এক্স ই, মাৰুতি এক্স এল চিক্স, কিয়া চেল্ টোচ, মহিন্ড্ৰা এক্স ইউ ভি 300, ফ'ৰ্ড ইক' স্পোৰ্ট আৰু হোণ্ডাই ভেনু ৷ ইয়াৰ উপৰিও আগবঢ়োৱা হৈছে টাটা টিগ'ৰ আৰু মাৰুতি চুইফ্ট, হোণ্ডাই গ্ৰেণ্ড আই টেন নিয়'ছ, টাটা টিয়াগো', মাৰুতি ৱাগন আৰ, হোণ্ডাই চেন্ট্ৰ', হোণ্ডাই চেন্ট্ৰ', ৰেণল্ট কুইড আৰু মাৰুতি অল্ট' 800 ৷ মুঠ ২ লাখ ৬০ হাজাৰ টিকটৰ মাজত অনুষ্ঠিত হ'ব উপহাৰ খেলখন ৷ হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত শুকুৰবাৰে উপহাৰ কুপন মুকলিৰ পিচতেই ৰাইজৰ বাবে টিকট বিক্ৰী আৰম্ভ হয় ৷ উল্লেখ্য, হাউলী ৰাস মহোৎসৱৰ এই উপহাৰ কুপন খেলখনৰ পূৰ্বে প্ৰথম পুৰস্কাৰ লাভ কৰা সকলৰ ভিতৰত অধিক সংখ্যকেই অতি দৰিদ্ৰ পৰিয়ালৰ লোক ৷ এতিয়া আপোনালোকো সাজু হওক হাউলী ৰাস মহোৎসৱ দৰ্শন কৰি আনন্দ লোৱাৰ লগতে এশ টকীয়া এটা লটাৰী টিকট ক্ৰয় কৰি ৩৫ লাখ টকীয়া বিলাসী বাহন এখন লাভ কৰিবলৈ ৷
লগতে পঢ়কঃ ডিফুত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ