ETV Bharat / state

চৰকাৰী প্ৰহসনত পৰিণত বৰপেটাৰ আতচবাজী গাঁও

author img

By

Published : Oct 26, 2019, 3:01 PM IST

৪ বছৰে পৰিত্যক্ত হৈ থাকিল বৰপেটাৰ আতচবাজী গাঁও ৷ কংগ্ৰেছ চৰকাৰে বৰপেটাৰ গণককুছিত ৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিছিল আতচবাজী গাঁওখন ৷ কিন্তু গণককুছিত 30 বিঘা মাটিকালিত নিৰ্মাণ কৰা এই আতচবাজী গাঁওখন ৰাজ্যৰ উদ্যোগ বিভাগৰ উদাসীনতাৰ বাবেই বিগত চাৰি বছৰে পৰিত্যক্ত হৈ আছে ৷

৪ বছৰে পৰিত্যক্ত হৈ থাকিল বৰপেটাৰ আতচবাজী গাঁও

বৰপেটা, ২৬ অক্টোবৰঃ ৰাজ্যখনৰ ঐতিহ্যপূৰ্ণ থলুৱা শিল্পসমুহৰ ভিতৰত বৰপেটাৰ আতচবাজী শিল্প অন্যতম ৷ বিভিন্ন প্ৰতিকূলতা আৰু সীমাৱদ্ধতাৰ মাজতো বৰপেটাৰ কাৰু শিল্পীসকলে বৰপেটাৰ থলুৱা আতচবাজী শিল্পক জীয়াই ৰাখিছে ৷ শতিকাপ্ৰাচীন বৰপেটাৰ আতচবাজী শিল্পই নিজৰ ঐতিহ্য আৰু গৰিমা বহন কৰি আহিছে যদিও শিল্পটোৰ উন্নয়ন আৰু বিকাশৰ বাবে নাই ৰাজ্য চৰকাৰৰ তিলমানো আন্তৰিকতা ৷ যাৰ জ্বলন্ত প্ৰমাণ বৰপেটাৰ আতচবাজী গাঁও ৷ চাওক এই প্ৰতিবেদনঃ

পৰিত্যক্ত হৈ থাকিল বৰপেটাৰ আতচবাজী গাঁও

পৰ্যটকক আদৰিবলৈ সাজু টাৱাং ৷ 29 -31 অক্টোবৰলৈ টাৱাং মহোৎসৱ-2019

বৰপেটা, ২৬ অক্টোবৰঃ ৰাজ্যখনৰ ঐতিহ্যপূৰ্ণ থলুৱা শিল্পসমুহৰ ভিতৰত বৰপেটাৰ আতচবাজী শিল্প অন্যতম ৷ বিভিন্ন প্ৰতিকূলতা আৰু সীমাৱদ্ধতাৰ মাজতো বৰপেটাৰ কাৰু শিল্পীসকলে বৰপেটাৰ থলুৱা আতচবাজী শিল্পক জীয়াই ৰাখিছে ৷ শতিকাপ্ৰাচীন বৰপেটাৰ আতচবাজী শিল্পই নিজৰ ঐতিহ্য আৰু গৰিমা বহন কৰি আহিছে যদিও শিল্পটোৰ উন্নয়ন আৰু বিকাশৰ বাবে নাই ৰাজ্য চৰকাৰৰ তিলমানো আন্তৰিকতা ৷ যাৰ জ্বলন্ত প্ৰমাণ বৰপেটাৰ আতচবাজী গাঁও ৷ চাওক এই প্ৰতিবেদনঃ

পৰিত্যক্ত হৈ থাকিল বৰপেটাৰ আতচবাজী গাঁও

পৰ্যটকক আদৰিবলৈ সাজু টাৱাং ৷ 29 -31 অক্টোবৰলৈ টাৱাং মহোৎসৱ-2019

Intro:

বৰপেটা, ২৬ অক্টোবৰঃ ৰাজ্যখনৰ ঐতিহ্যপূৰ্ণ থলুৱা শিল্পসমুহৰ ভিতৰত বৰপেটাৰ আতচবাজী শিল্প অন্যতম ৷ বিভিন্ন প্ৰতিকূলতা আৰু সীমাৱদ্ধতাৰ মাজতো বৰপেটাৰ কাৰু শিল্পীসকলে বৰপেটাৰ থলুৱা আতচবাজী শিল্পটো জীয়াই ৰাখিছে ৷ শতিকাপ্ৰাচীন বৰপেটাৰ আতচবাজী শিল্পই নিজৰ ঐতিহ্য আৰু গৰিমা বহন কৰি আহিছে যদিও শিল্পটোৰ উন্নয়ন আৰু বিকাশৰ বাবে নাই ৰাজ্য চৰকাৰৰ তিলমানো আন্তৰিকতা ৷ যাৰ জ্বলন্ত প্ৰমাণ বৰপেটাৰ আতচবাজী গাঁও ৷ Body:পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বৰপেটাৰ থলুৱা উদ্যোগটোৰ উন্নয়নৰ বাবে বৰপেটাৰ গণককুছিত ৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিছিল বৰপেটা আতচবাজী গাঁও ৷ পূৰ্বৰ তৰুণ গগৈৰ কংগ্ৰেছ চৰকাৰে গণককুছিত ত্ৰিছ বিঘা মাটিকালিত নিৰ্মাণ কৰা আতচবাজী গাওখন ৰাজ্যৰ উদ্যোগ বিভাগৰ উদাসীনতাৰ বাবেই বিগত চাৰি বছৰে পৰিত্যক্ত হৈ আছে ৷ বৰপেটাৰ থলুৱা আতচবাজী শিল্পটো জীয়াই ৰখা বৰপেটা চহৰৰ শিল্পী পৰিয়ালসমুহক আতচবাজী গাওখনত সংস্থাপিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে নিৰ্মান কৰিছিল আতচবাজী গাওখন ৷ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকলৰ শেষৰটো বছৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা আতচবাজী গাওখন মুকলি কৰাৰ সৌভাগ্য নহ'ল গগৈ চৰকাৰৰ ৷ কংগ্ৰেছ চৰকাৰে নিৰ্মাণ কৰা আতচবাজী গাওখন বিগত চাৰি বছৰে এনেদৰেই পৰিত্যক্ত হৈ থাকিল ৷ ৰাজ্য চৰকাৰে ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ বাবে যিমানেই ঢাক ঢোল নবজাওক কিয় আছে সেয়া যে মাথো ফুটুকাৰ ফেনহে সেয়া প্ৰতিপন্ন হৈছে ৷ ফলত বৰপেটাৰ ঐতিহ্যৰে পৰিপূৰ্ণ শিল্পটোৰ এতিয়া আৰম্ভ হৈছে মৃত্যুমুখী যাত্ৰা ৷ সীমিত সা সুবিধাৰ মাজত ঘৰতেই আতচবাজী প্ৰস্তুত কৰিবলগীয়া হোৱাৰ বাবেই বহু দূৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ আনকি যোৱা সোমবাৰে এটা আতচবাজী উদ্যোগত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত তেৰগৰাকী শ্ৰমিক গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱাৰ উপৰিও এগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু ঘটিছে ৷ এনে ধৰনৰ দূৰ্ঘটনা ৰোধ কৰাৰ বাবে আৰু বৰপেটাৰ আতচবাজী উদ্যোগটোৰ বিকাশৰ স্বাৰ্থত বৰপেটাৰ আতচবাজী গাওখন মুকলি কৰাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছে স্থানীয়লোকে ৷
ইপিনে বৰপেটা আতচবাজী উদ্যেগটোত যোৱা সোমবাৰে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ যােৱাৰ পিচতে বিগত চাৰিবছৰে পৰিত্যক্ত হৈ থকা আতচবাজী গাওখনলৈ একাংশ আতচবাজী উদ্যোগক স্থানান্তৰ কৰা হৈছে ৷ দূৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত দৌৰাদৌৰিকৈ কেইটামান থলুৱা আতচবাজী শিল্পী পৰিয়ালক আতচবাজী গাওলৈ স্থানান্তৰ কৰা উদ্যোগ বিভাগে কি কাৰনত বিগত চাৰিবছৰে গাওখন মুকলি নকৰিলে সেয়াহে গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

Conclusion:বাইটঃ গোপজিৎ পাঠক, উদ্যোগী ৷

বাইটঃ মৃদুল তালুকদাৰ, সচেতন ব্যক্তি ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.