ETV Bharat / state

উৰুকাৰ এসাঁজৰ বাবে ব্যস্ত বৰপেটাৰ মীনপালক

author img

By

Published : Jan 12, 2021, 6:19 PM IST

ৰাজ্যৰ বজাৰত আছে বৰপেটাৰ মাছৰ বিশেষ চাহিদা ৷ বিহুৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় বৰপেটাৰ মাছ ৷ ইতিমধ্যে বিগত প্ৰায় এসপ্তাহে বিভিন্নধৰণৰ থলুৱা মাছসমূহ ৰাজ্যৰ বিভিন্ন ঠাইৰ বজাৰলৈ প্ৰেৰণ কৰিছে মীনপালক সকলে ৷

as_bar_barpeta-fihermen-are-ready-to-export-fish-on-the-ocassion-of-uruka_vis_as10038
ব্যস্ত বৰপেটাৰ মীনপালক

বৰপেটা,12 জানুৱাৰী : বুধবাৰে ৰাজ্যবাসীয়ে উলহ মালহেৰে উদযাপন কৰিব হেঁপাহৰ উৰুকা ৷ উৰুকা উপলক্ষে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ সকলোৰে ৷ উৰুকাৰ পূৰ্বে ইতিমধ্যে ব্যস্ত হৈ পৰিছে বৰপেটাৰ মীনপালক সকল ৷ কিয়নো ৰাজ্যৰ বজাৰত আছে বৰপেটাৰ মাছৰ এক বিশেষ চাহিদা ৷ বিহুৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় বৰপেটাৰ মাছ ৷ ইতিমধ্যে বিগত প্ৰায় এসপ্তাহে বিভিন্নধৰণৰ থলুৱা মাছসমূহ ৰাজ্যৰ বিভিন্ন ঠাইৰ বজাৰলৈ প্ৰেৰণ কৰিছে মীনপালক সকলে ৷ উৰুকাৰ বজাৰৰ বাবে গুৱাহাটীৰ লগতে শ্বিলং, ডিমাপুৰলৈয়ো ৰপ্তানি হয় বৰপেটাৰ মাছ ৷

উৰুকাৰ পূৰ্বে ব্যস্ত বৰপেটাৰ মীনপালক

বৰপেটাৰ যোগীৰপাম গাঁৱৰ মীন পালকসকলে জনোৱা অনুসৰি মঙলবাৰে নিশাৰ ভাগতে বৰপেটাৰ যোগীৰপাম, দাবালীয়াপাৰা আদি গাঁৱৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন বজাৰলৈ মাছ সৰবৰাহ কৰা হব ৷ উৰুকাৰ বাবে বৰপেটাৰ পৰা প্ৰায় তিনিশ কুইন্টল মাছ বজাৰলৈ উলিয়াই দিব মীনপালকসকলে ৷

লগতে পঢ়ক-ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : নাড্ডাৰ মন্তব্যৰ বিৰুদ্ধে সৰৱ টাই আহোম ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.