বৰপেটা,২৯ জুলাইঃ বৰপেটাৰ পালহাজী বজাৰত ঘাটি পাতি বহিছে ড্ৰাগছ ব্যৱসায়ীয়ে ৷ বুধবাৰে নিশা বৰপেটা নগৰ আৰক্ষী পৰিদৰ্শক মুনীন্দ্ৰ নাৰায়ন দাস আৰু সূৰ্য বৰাৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে পালহাজী বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ ব্যৱসায়ী যুৱক ৷ ধৃত যুৱকজনৰ পৰা উদ্ধাৰ কৰা হৈছে ব্ৰাউন চুগাৰ ভৰ্তি ৬ টা কন্টেইনাৰ ৷
আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী যুৱকজনৰ নাম ইমৰাণ হুছেইন ৷ পালহাজী গাঁৱৰ ৱাহেদ আলীৰ পুত্ৰ ইমৰাণ হুছেইনে জুৱেলাৰী দোকানতে ব্ৰাউন চুগাৰৰ ব্যৱসায় চলাই অহাৰ খবৰ লাভ কৰি বৰপেটা আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷ ইয়াৰপূৰ্বেও যুৱকজনে ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত কাৰাবাস খাটি আহিছিল ৷ উল্লেখ্য যে,একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ডিমাপুৰৰ পৰা ব্ৰাউন চুগাৰ সৰবৰাহ কৰি বৰপেটাৰ পালহাজী অ়ঞ্চলৰ পৰা নামনি অসমত ড্ৰাগছৰ মুকলি বেহা চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ ইপিনে বৰপেটাত চলি থকা ড্ৰাগছৰ বেহা উৎখাট কৰিবলৈ স্থানীয় ৰাইজে বাবে আহ্বান জনাই প্ৰশাসনক ৷