ETV Bharat / state

বৰপেটা হাউলীত হোলীগীতৰ কৰ্মশালাঃ অংশ ল'লে শিশু,কিশোৰ আৰু মহিলাই - বৰপেটা হাউলীত হোলীগীতৰ কৰ্মশালা

হাউলী সাহিত্য সভা ভৱনত আয়োজিত হোলী গীত কৰ্মশালাত অংশগ্ৰহণ কৰে লোকসংস্কৃতিৰ বিশিষ্ঠ শিল্পী নকুল দাস আৰু সংগীত শিল্পী কবীন দাসৰ লগতে খোলৰ ওজা মনেজ কুমাৰ দাসে ৷

হোলীগীতৰ কৰ্মশালা
হোলীগীতৰ কৰ্মশালা
author img

By

Published : Feb 15, 2020, 12:13 PM IST

বৰপেটা, ১৫ ফেব্ৰুৱাৰীঃ মন উতলা কৰা চঞ্চলা ফাগুণৰ বোকোচাত উঠি আগমণ ঘটিল দৌল মহোৎসৱৰ ৷ বৰপেটাৰ প্ৰাণৰ উৎসৱ হিচাপে পৰিচিত দৌল মহোৎসৱক লৈ বৰপেটাত আৰম্ভ হৈছে হোলীগীতৰ কৰ্মশালা ৷ ওম সাংস্কৃতিক পৃথিৱী হাউলী শাখাৰ উদ্যোগত ১৩ ফেব্ৰুৱাৰীৰ পৰা হাউলীত আৰম্ভ হৈছে হোলীগীতৰ কৰ্মশালা ৷ হাউলী সাহিত্য সভা ভৱনত আয়োজিত হোলীগীত কৰ্মশালাখনত অংশগ্ৰহণ কৰে লোকসংস্কৃতিৰ বিশিষ্ঠ শিল্পী নকুল দাস আৰু সংগীত শিল্পী কবীন দাসৰ লগতে খোলৰ ওজা মনেজ কুমাৰ দাসে ৷ শিশু,কিশোৰৰ পৰা আৰম্ভ কৰি যুৱতী মহিলালৈকে বিভিন্নজনে অংশগ্ৰহণ কৰা হোলীগীতৰ এই কৰ্মশালাখনত হোলীগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ হাউলী সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰ্মশালাখনত ভাগ লোৱাসকলৰ কন্ঠত প্ৰাণ পাই উঠা হোলীগীতৰ সুৰে যেন সোঁৱৰাই দিলে দৌল মহোৎসৱ আগমনৰ বতৰা ৷

লগতে পঢ়কঃ পৰকীয়া প্ৰেমঃ পৰস্ত্ৰীক পলুৱাই নিবলৈ আহি ৰঙাঘৰ পালেগৈ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.