ETV Bharat / state

বৰপেটাত পুনৰ দুজনৰ দেহত ধৰা পৰিল COVID-19

দুয়োজন লোকেই চিকিৎসাধীন হৈ আছিল বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত । লোক দুজন গৰেমাৰী বজাৰৰ ছাদ্দাম আহমেদ আৰু সৰ্থেবাৰীৰ ইন্দ্ৰজিৎ ডেকা ।

author img

By

Published : Jun 8, 2020, 11:08 PM IST

বৰপেটাত পুনৰ দুজনৰ দেহত ধৰা পৰিল COVID-19
বৰপেটাত পুনৰ দুজনৰ দেহত ধৰা পৰিল COVID-19

বৰপেটা ৮ জুনঃ বৰপেটা জিলাত ক্ৰমশঃ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন দুই SARI ৰোগীৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি । আক্ৰান্ত ব্যক্তি দুগৰাকী ক্ৰমে গৰেমাৰী বজাৰৰ ছাদ্দাম আহমেদ আৰু সৰ্থেবাৰীৰ ইন্দ্ৰজিৎ ডেকা বুলি জানিব পৰা গৈছে ।

বহিঃৰাজ্যৰ পৰা অহাৰ পিচত ছাদ্দাম আহমেদ কয়াকুছিত আৰু ইন্দ্ৰজিৎ ডেকা নগাঁৱত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল । কোৱাৰেণ্টাইন কেন্দ্ৰত থকা সময়ছোৱাত দুয়োজনৰ শৰীৰত দেখা দিছিল জ্বৰ,কাহ,চৰ্দি আদি ৰোগৰ লক্ষণে । যোৱা ৩১ মে'ত দুয়োকে ভৰ্তি কৰোৱা হৈছিল বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালতৰ আইচ'লেশ্যন ৱাৰ্ডত । সোমবাৰে দুয়োগৰাকী লোক COVID-19ত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিচতে তেওঁলোকক স্থানান্তৰ কৰা হয় COVID ৱাৰ্ডলৈ । ৰোগী দুগৰাকীৰ সংস্পৰ্শলৈ অহা চিকিৎসকসহ প্ৰায় ৪০ গৰাকী স্বাস্থ্য কৰ্মীৰ আজিয়েই SWAB পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.