ETV Bharat / state

‘নিৰ্বাচনী চক্ৰবেহু ফালি ওলাই আহিব কংগ্ৰেছ’ - etv bharat

‘‘কৌৰৱৰ পক্ষত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ কৌৰৱৰ অন্যায়ৰ বিৰুদ্ধে পাণ্ডৱৰ পক্ষত কংগ্ৰেছ ৷ বিজেপিয়েই যিমানেই চক্ৰবেহুত আৱদ্ধ কৰাৰ চেষ্টা নকৰক কিয় ৷ চক্ৰবেহু ফালি উলাই আহিব কংগ্ৰেছ ৷ আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ জয় অনিবাৰ্য৷’’ পাঠশালাত নিৰ্বাচনী প্ৰচাৰ সভাত কুমাৰ দীপক দাসৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ ৷

etv bharat
author img

By

Published : Apr 8, 2019, 6:56 PM IST

Updated : Apr 8, 2019, 11:20 PM IST

বৰপেটা, 8 এপ্ৰিলঃ ‘‘হয় ৷ এইখন মহাভাৰতৰ যুদ্ধ ঠিকেই কিন্তু নৰেন্দ্ৰ মোডী ডাঙৰীয়া কৌৰৱৰ পক্ষতহে আছে ৷’’ পাঠশালাত আয়োজিত এখন জনসভাত উপস্থিত হৈ এই মন্তব্য বৰপেটা কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ ৷ শেহতীয়াকৈ, পাঠশালাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰত অংশ লৈ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে এইদৰে প্ৰকাশ কৰে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷ কুমাৰ দীপক দাসে কৈছিল যে, এইখন মহাভাৰতৰ যুদ্ধ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মহাভাৰতৰ কৃষ্ণ ৷

কুমাৰ দীপক দাসৰ মন্তব্যত বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ প্ৰতিক্ৰিয়া

কুমাৰ দীপক দাসৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আব্দুল খালেকে লগতে কয় যে, ‘‘এইকথা সমগ্ৰ ভাৰতবৰ্ষই জানে যে বিজেপি আৰু নৰেন্দ্ৰ মোডী কৌৰৱৰ পক্ষত আছে ৷ তেওঁলোকে যিবোৰ অন্যায় কৰিলে, প্ৰথমে দেশলৈ বিমুদ্ৰাকৰণ আনিলে, নীৰৱ মোডী আৰু চোস্কী দৰে লোকক লুণ্ঠনৰ বাট মুকলি কৰি দিলে, অসমৰ সমাজ জীৱনলৈ, অসমীয়া তথা খিলঞ্জীয়ালৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অশনি সংকেত কঢ়িয়াই আনিলে, আমি তাৰ বিৰুদ্ধেই যুঁজি আছো৷’’ ইয়াৰোপৰিও, কুমাৰ দীপক দাসক কটাক্ষ কৰি প্ৰাৰ্থীগৰাকীয়ে কয়, ‘‘কুমাৰ দীপক দাসে হয়তো পাহৰিলে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি কুমাৰ দীপক দাসে এটা সময়ত চৰকাৰ পৰিত্যাগ কৰিছিল ৷ কৌৰৱৰ পক্ষৰ পৰা ওলাই আহি পুনৰ কৌৰৱৰ পক্ষকে সহযোগ কৰিছে কুমাৰ দীপক দাসে ৷ অসমৰ ৰাইজেও কৌৰৱৰ বিৰুদ্ধেই ৰায় দিব ৷ আমি পাণ্ডৱৰ পক্ষত আছো ৷ বিজেপিৰ চক্ৰবেহু ফালি উলাই আহিব আমাৰ দল ৷ আগন্তক নিৰ্বাচনত আমাৰ জয় অনিবাৰ্য’’ বুলি দাবী কৰিলে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷

লগতে, তেওঁ কয় যে, অগপ-বিজেপি আৰু এআইইউডিএফৰ মাজত গোপন বুজাবুজি আছে ৷ আমি আগতে কোৱাৰ দৰে বিজেপিৰ ৰিমোট কণ্ট্ৰলৰ দ্বাৰা পৰিচালিত হয় এআইইউডিএফ দল ৷ আমি বিজেপি আৰু এআইইউডিএফ দুয়োটা ৰাজনৈতিক দলৰ বিৰোধী কাৰণ দুয়োটা দলেই অসমীয়া সমাজ জীৱনক কলুষিত কৰিছে ৷ অগপ ই এতিয়া সম্পূৰ্ণ বিজেপিৰ আদৰ্শক আকোৱালি লৈছে ৷ যি গৰাকী ব্যক্তিয়ে তিল তিলকৈ দলটোক গঢ়ি তুলিলে সেইগৰাকী আদৱানী ডাঙৰীয়াকে টিকট প্ৰদান নকৰিলে বিজেপি য়ে ৷ সেইদৰে, যিগৰাকী প্ৰফুল্ল মহন্ত নহলে কোনো আঞ্চলিক দলৰ কথাই ভাবিব নোৱাৰি তেওঁকো একাষৰীয়া কৰিছে অগপই ৷ প্ৰফুল্ল মহন্ত এতিয়া অসমৰ স্বাৰ্থত যুঁজি আছে ৷ তেওঁ কংগ্ৰেছক সমৰ্থন কৰক বা নকৰক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে তেওঁ আপোচ বিহীনভাৱে যুঁজি আছে আৰু তাৰ বাবে অসমৰ ৰাইজে তেওঁক শ্ৰদ্ধা কৰে ৷

Slug:  A_BAR_8APR_804TO805_BARPETA_CONG_CANDIDATE_ABDUL_KHALEQUE_MEETING_VIS+BITE_BAPKAN_DAS

পাঠশালা ত বৰপেটা কংগ্ৰেছ পাৰ্থী আব্দুল খালেক ৰ নিৰ্বাচনী প্ৰচাৰ সভা l

বৰপেটা ৮ এপ্ৰিল: পাঠশালা ত বৰপেটা কংগ্ৰেছ পাৰ্থী আব্দুল খালেক ৰ নিৰ্বাচনী প্ৰচাৰ সভা l নৰেন্দ্ৰ মোডী অাৰু বিজেপি ক কৌৰৱৰ সতে ৰিজালে আব্দুল খালেকে l

পাঠশালা ত কুমাৰ দীপক দাসে নৰেন্দ্ৰ মোডী ক মহাভাৰত ৰ  যুদ্ধৰ কৃষ্ণৰ সতে তুলনা কৰিছিল l

এই নিৰ্বাচন মহাভাৰতৰ যুদ্ধ l

কুমাৰ দীপক দাস হতে নিজেই কেব বাতিলৰ দাবীত নৰেন্দ্ৰ মোডী ৰ বিৰোধিতা কৰিছিল l

এবাৰ কৌৰৱৰ পক্ষৰ পৰা ওলাই আহিছিল যদি ও এতিয়া আকৌ কৌৰৱৰ পক্ষত কুমাৰ দীপক দাস l

ৰাইজে কৌৰৱৰ বিপক্ষে ৰায় দিৱ l

কলিয়াবৰত অগপ ই এ আই ইউ ডি এফ ৰ সহায় বিচৰা কাৰ্যত আব্দুল খালেক ৰ প্ৰতিক্ৰিয়া l

অগপ বিজেপি ৰ সতে এ আই ইউ ডি এফৰ সতে গোপন বুজা বুজি আছে l

এ আই ইউ ডি এফ দল তো বিজেপিৰ ৰিমোট কন্ট্ৰল ত চলে l

আগতে ও বঙাইগাঁও ত অগপ ই এ আই ইউ ডি ৰ সহযোগ ত জিলা পৰিষদ গঠন কৰিছিল I

নিজকে অভিমন্যু ৰ সতে তুলনা কৰি তেওঁক  চক্ৰবেহু ত আৱদ্ধ কৰাৰ কথা ঘোষণা l

কিন্তু চক্ৰ বেহু ফালি ওলাই আহিব বুলি অংগীকাৰ l

বিজেপি আৰু অগপ ৰ পতন অনিবাৰ্য l

প্ৰফুল্ল মহন্ত ক অগপ ই অাৰু আদৱানি  ক বিজেপি এ কৰা অৱজ্ঞা ৰ সমালোচনা l

অখিল গগৈক টকা দিবলৈ কংগ্ৰেছ ৰ হাতত টকা কৰ পৰা আহিৱ l

টকা বিজেপিৰ লগত হে অাছে ll

কংগ্ৰেছে বি পি এল ভাৱে চলাইছে নিৰ্বাচন l

হিমন্ত বিশ্ব ই সদায় কৰে বিভাজনৰ ৰাজনীতি l.               
বাইট: খালেক.                                                        
---- বাপকন দাস, বৰপেটা                                                                       
 ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
Last Updated : Apr 8, 2019, 11:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.