বৰপেটা, 14 ছেপ্তেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়াস্থ বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামছুল আলমৰ বিৰুদ্ধে উত্থাপিত হৈছে ৰোগীৰ আত্মীয়ক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে ৰোগীকো দুব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ ৷ এই ঘটনা চিকিৎসালয়খনত বিয়পি পৰাৰ লগে লগে সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷ কিন্তু উক্ত ঘটনাক ৰোগী গৰাকীৰ পৰিয়ালে মনে সজা ঘটনা আখ্যা দি সকলো অভিযোগ খণ্ডন কৰিছে ডাঃ ছামছুল আলমে ৷
প্ৰাপ্ত অভিযোগ মতে, যোৱা মঙলবাৰে জাকিৰ হুছেইন নামৰ এজন ৰোগীক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল ৷ জাকিৰ হুছেইন চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা অৱস্থাত ৰোগী গৰাকীৰ আত্মীয়ই ৰোগীৰ বিছনাত বহি থকা অৱস্থাত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ছামছুল আলম ৰোগীৰ ৱাৰ্ডত প্ৰৱেশ কৰে ৷ ইয়াৰ পাছতে ৰোগীৰ আত্মীয়ক কাপোৰত ধৰি কোঠাৰ পৰা ওলিয়াই আনি শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ আত্মীয়ই ৷
ৰোগীৰ আত্মীয়ৰ লগতে জাকিৰ হুছেইন নামৰ ৰোগী গৰাকীয়ে এই অভিযোগ উত্থাপন কৰিছে ৷ এইক্ষেত্ৰত, চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামছুল আলমে সকলো অভিযোগ খণ্ডন কৰাৰ লগতে ৰোগীৰ আত্মীয়ই তৰ্কত লিপ্ত হোৱাৰ বাবেই ৰোগীৰ বিছনাৰ পৰা ৰোগীৰ আত্মীয়জনক হাতত ধৰি উঠাই দিয়া বুলি সংবাদ মাধ্যমক অৱগত কৰে ৷