ETV Bharat / state

২০২১ৰ নিৰ্বাচনত বিজেপিৰ সান্দহখোৱা বালি তল যাব : মনজিৎ মহন্ত

author img

By

Published : Jan 18, 2020, 2:49 PM IST

ৰাজ্যত এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী আন্দোলন ৷ নগৰ চহৰৰ লগে লগে ৰাজ্যৰ গ্ৰামাঞ্চল সমুহতো নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে বিশাল ৰূপ লৈছে ৷ সমগ্ৰ ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ মাজতে থলুৱা খিলঞ্জীয়া মুছলমান অধ্যুষিত মাজদিয়াত শণিবাৰে অনুষ্ঠিত হয় বিশাল জনজাগৰণ সভা ।

BARPETA CAA PROTEST
২০২১ৰ নিৰ্বাচনত বিজেপিৰ সান্দহখোৱা বালি তল যাব : মনজিৎ মহন্ত

বৰপেটা, ১৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শণিবাৰে পূৱ বৰপেটা সন্মিলিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী মঞ্চৰ উদ্যোগত মাজদিয়া হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় এক জনজাগৰণ সভা ৷ এই জনজাগৰণ সভাত মাজদিয়া, গৰেমাৰী, চতলা, ব্যাসকুছি, চেঙা, বেলবাৰী, ৰাউলী-ভকুৱাটেপা, আমৃখোৱা আদি গাঁওসমুহৰ হেজাৰ হেজাৰ খিলঞ্জীয়া গৰিয়া-মৰিয়ালোকে অংশগ্ৰহণ কৰে ৷ জনজাগৰণ সভাখনত খংৰা, চাটা, কুকাৰপাৰ, গৰেমাৰী, গাদেশালী, মুলাখাতা, ক্ষুদ্ৰ বামুনবড়ি, চেনিমাৰী আদি গাঁওসমুহৰ সংখ্যালঘু লোকসকলেও অংশগ্ৰহণ কৰে ৷ সভাখনত অংশগ্ৰহণ কৰি বিশিষ্ট বুদ্ধিজীৱী মনজিৎ মহন্তই বিজেপি চৰকাৰৰ লগতে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে সোঁচ্ছাৰ হৈ পৰে । জনজাগৰণ সভাখনত মেহদী আলম বৰা, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক মুন তালুকদাৰ, নাট্যকাৰ অনুৰূপা ডেকাৰজা, ৰাফেল হুছেইন আদিয়েও অংশগ্ৰহণ কৰে ।

বৰপেটাত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে বিশাল জনজাগৰণ সভা
ইপিনে সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক সঁকিয়নি প্ৰদান কৰি ২০২১ৰ নিৰ্বাচনত বিজেপিৰ সান্দহখোৱা বালি তল যাব ৷ এই মুহুৰ্তত ৰাজ্যত যি বিকল্প ৰাজনীতিৰ কথা ওলাইছে তাৰ আগত তিষ্ঠি থাকিব নোৱাৰিব বিজেপি ৷ অসমীয়া জাতিক বিশ্বাস ঘাটকতা কৰা বুলি বিজেপিৰ লগতে অগপ আৰু বিপিএফকো সমালোচনা কৰে মনজিৎ মহন্তই ৷ লগতে বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে মহন্তই ৷

লগতে পঢ়ক:CAAৰ বিৰুদ্ধে মৰাণত ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

Intro:
বৰপেটা, ১৮ জানুৱাৰীঃ ৰাজ্যত এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী আন্দোলন ৷ নগৰ চহৰৰ লগে লগে ৰাজ্যৰ গ্ৰামাঞ্চল সমুহতো নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে বিশাল ৰূপ লৈছে ৷ সমগ্ৰ ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ মাজতে থলুৱা খিলঞ্জীয়া মুংচলমান অধ্যুষিত মাজদিয়াত অনুষ্ঠিত হয় বিশাল জনজাগৰণ সভা । Body:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি পূৱ বৰপেটা সন্মিলিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী মঞ্চৰ উদ্যোগত মাজদিয়া হাইস্কুল খেলপথাৰত অনুষ্ঠিত এই জনজাগৰণ সভাত মাজদিয়া, গৰেমাৰী, চতলা, ব্যাসকুছি, চেঙা, বেলবাৰী, ৰাউলী-ভকুৱাটেপা, আমৃখোৱা আদি গাওসমুহৰ হেজাৰ হেজাৰ খিলঞ্জীয়া গৰিয়া মৰিয়ালোকে অংশগ্ৰহন কৰে ৷ জনজাগৰণ সভাখনত খংৰা, চাটা, কুকাৰপাৰ, গৰেমাৰী, গাদেশালী, মুলাখাতা, ক্ষুদ্ৰ বামুনবড়ি, চেনিমাৰী আদি গাওসমুহৰ সংখ্যালঘু লেকসকলেও অংশগ্ৰহন কৰে ৷ সভাখনত অংশগ্ৰহন কৰি বিশিষ্ট বুদ্ধিজীৱী মনজিৎ মহন্তই বিজেপি চৰকাৰৰ লগতে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে । জনদাগৰন সভাখনত মেহদী আলম বৰা, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক মুন তালুকদাৰ, নাট্যকাৰ অনুৰূপা ডেকাৰজা, ৰাফেল হুছেইন আদিয়েও অংশগ্ৰহন কৰে । ইপিনে সৰ্বানন্দ সোনোৱাল আৰু হিমনিত বিশ্ব শৰ্মাক সকিয়নি প্ৰদান কৰি ২০২১ৰ নিৰ্বাচনত বিজেপিৰ সান্দহখোৱা বালি তল যাব ৷ এই মুহুৰ্তত ৰাজ্যত যি বিকল্প ৰাজনীতিৰ কথা ওলাইছে তাৰ আগত তিষ্ঠি থাকিব নোৱাৰিব বিজেপি ৷ অসমীয়া জাতিক বিস্বাসঘাটকতা কৰা বুলি বিজেপিৰ লগতে অগপ আৰু বিপিএফকো সমালোচনা কৰে মনজিৎ মহন্তই ৷ সৰ্বাৱন্দ সোনোৱাল আৰু হিমন্তবিশ্ব শৰ্মাই নিজকে আটাইতকৈ জ্ঞানী বুলি ভাবে বুলিও মন্তব্য কৰে ৷ বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে মহন্তই ৷

Conclusion:বাইট : মনজিৎ মহন্ত ।

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.