ETV Bharat / state

বৰপেটাৰ পহুমাৰা নৈৰ মাজত ওলমি আছে দুখনকৈ কাঠৰ দলং

author img

By

Published : Oct 31, 2020, 1:35 PM IST

শিক্ষা,স্বাস্থ্য আৰু যাতায়তৰ সুবিধাৰ পৰা বঞ্চিত বৰপেটাৰ পহুমাৰা, কাঁহিবাৰী, তেতলাৰবালা, আগমন্দিয়া আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ ৷ কাঠৰ দলং দুখন মেৰামতি কৰাৰ বাবে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসক আহ্বান ৷

barpeta broken road
বৰপেটাৰ পহুমাৰা নৈৰ মাজত ওলমি আছে দুখনকৈ কাঠৰ দলং

বৰপেটা, ৩১ অক্টোবৰঃ পথহীন নৈৰ মাজত ওলমি আছে দুখনকৈ দলং, নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিছিল দলঙৰ দুয়োটা মুৰ আৰু পথৰ বৃহৎ অংশ ৷ বান গ'ল যদিও পথতো নিৰ্মাণৰ নাই কোনো বিভাগীয় তৎপৰতা ৷ পৰিৱৰ্তণকামী চৰকাৰখনৰ 5বছৰীয়া কাৰ্য্যকাল শেষ হ'বৰ হ'ল ৷ কিন্তু আজিলৈ বৰপেটা বিধানসভা সমষ্টিৰ পহুমাৰা নদীৰ ওপৰত থকা এই দুখন দলঙৰ কাম কৰা নহ'ল ৷ অঞ্চলটোৰ পহুমাৰা, কাঁহিবাৰী, তেতলাৰবালা, আগমন্দিয়া আদিকে ধৰি কেইবাখনো গাঁৱৰ লোকে যাতায়াতৰ ক্ষেত্ৰত ভোগ কৰি আহিছে যমৰ যাতনা ৷

এই ভগ্ন পথৰ বাবেই এতিয়া গাঁওকেইখনৰ সাধাৰণ লোকসকলে বঞ্চিত হৈছে শিক্ষা, স্বাস্থ্য আৰু যাতায়তৰ সুবিধাৰ পৰা ৷ বিশেষকৈ ৰোগী আৰু গৰ্ভৱতী মহিলাসকলক হাস্পাটাললৈ নিয়াৰ ক্ষেত্ৰত ভয়াৱহ সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজে ৷ এই পথ দুটাৰ লগতে কাঠৰ দলং দুখনো মেৰামতি কৰাৰ বাবে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসক আহ্বান জনাইছে নাঙলকুৰ,পহুমাৰা, কাহিবাৰী আদি গাঁৱৰ ৰাইজে ৷

লগতে পঢ়ক: কোনো আঁচনিয়ে ঢুকি নোপোৱা বিশেষভাৱে সক্ষম এটি পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.