বৰপেটা, ২৭ ফেব্ৰুৱাৰীঃ ঐতিহ্যমণ্ডিত কাঁহ শিল্পনগৰী সৰ্থেবাৰীৰ সমীপৰ বনিয়াকুছি গাঁও অসমীয়াৰ স্বাভিমানৰ প্ৰতীক পিতলৰ শৰাই শিল্পৰ বাবে প্ৰখ্যাত৷ এই বনিয়াকুছি গাঁৱৰেই পিতল শিল্পী হৰিদাস দাস ৷ দহ বছৰ বয়সৰ পৰাই পিতলৰ শৰাই নিৰ্মাণৰ সৈতে জৰিত হৈ অহা হৰিদাস দাসে ঐতিহ্যমণ্ডিত পিতল শিল্পটেক দিছে নতুন পৰিচয় ৷
আহোম ৰাজত্ব কালৰ পৰাই বনিয়াকুছি গাঁৱৰ অধিকাংশ লোকেই পিতলৰ শৰাই নিৰ্মাণ শিল্পৰ সৈতে জৰিত হৈ আহিছে ৷ ইয়াৰ বিপৰীতে হৰিদাস দাসে শৰাইৰ লগতে নিৰ্মাণ কৰি আহিছে পিতলৰ বিভিন্ন ভাস্কৰ্য৷ মাথো হাতুৰী এটাৰ সহায়ত পিতল কোবাই কোবাই বিভিন্ন দেৱ দেৱীৰ আকৃতি প্ৰদান কৰাতো সঁচাকৈয়ে এটা অতি দুৰূহ কাম ৷ কিন্তু বিগত প্ৰায় ৩০ বছৰ ধৰি এনেদৰেই কালী মূৰ্তি,বিষ্ণু মূৰ্তি,হনুমান,বৃহৎ আকাৰৰ সৰ্প আদি নিৰ্মাণৰ লগতে শংকৰদেৱ,আব্দুল কালাম,ভূপেন হাজৰিকা,নৰেন্দ্ৰ মোডী,হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুলোকৰ পিতলেৰে নিৰ্মাণ কৰিছে চিত্ৰ ৷
ভাস্কৰ্য শিল্পৰ বিশেষ কোনো ধৰণৰ শিক্ষা নোহোৱাকৈয়ে হৰিদাস দাসে এইদৰে বিভিন্ন দেৱ দেৱীৰ লগতে নিৰ্মাণ কৰিছে বহু শিল্প কৰ্ম ৷ শেহতীয়াভাৱে তেজপুৰৰ এটা কালী মন্দিৰত স্থাপনৰ বাবে হৰিদাস দাসে নিৰ্মাণ কৰিছে এইটো সুবৃহৎ কালী গোসানীৰ মূৰ্তি ৷ হৰিদাস দাসৰ হাতুৰীৰ কোবত প্ৰাণ পাই উঠিছে কালী গোঁসানীৰ লগতে দেৱাদিদেৱ মহাদেৱ ৷ হাতুৰীৰ কোবত এচটা পিতলক এটা জীৱন্ত মূৰ্তিত পৰিণত কৰা হৰিদাস দাসৰ দৰে এইসকল শিল্পীয়ে কিন্তু আজিলৈকে লাভ কৰা নাই চৰকাৰৰ কোনো সহায় ৷ ইপিনে কেঁচামালৰ সমস্যাই পিতল শিল্পটোৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ কথা উল্লেখ কৰি আহোম ৰজাদিনীয়া এই শিল্পটো জীয়াই ৰাখিবলৈ চৰকাৰৰ সুদৃষ্টি আশা কৰিছে শিল্পীগৰাকীয়ে ৷
লগতে চাওকঃ