ETV Bharat / state

উৎকোচ লৈ হাতে লোটে ধৰা পৰিল বৰপেটা আৰক্ষীৰ উপ পৰিদৰ্শক - বৰপেটাৰ আৰক্ষী উপ পৰিদৰ্শক মাধৱ কলিতা আটক

অভিযোগ অনুসৰি, গোচৰ নিস্পত্তি কৰাৰ নামত যুৱকজনৰ পৰা ১৫ হাজাৰ টকা দাবী কৰিছিল আৰক্ষী উপ পৰিদৰ্শক মাধৱ কলিতাই ৷

ঘোচখোৰ আৰক্ষী উপ পৰিদৰ্শক মাধৱ কলিতা
ঘোচখোৰ আৰক্ষী উপ পৰিদৰ্শক মাধৱ কলিতা
author img

By

Published : Mar 19, 2020, 3:48 AM IST

বৰপেটা, ১৮ মাৰ্চঃ বৰপেটাত আৰক্ষীৰ পোচাকত লাগিল চেকা ৷ উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল খোদ আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক ৷ বুধবাৰে বৰপেটাত মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰে বৰপেটা সদৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক মাধৱ কলিতাক ৷

ঘোচখোৰ আৰক্ষী উপ পৰিদৰ্শক মাধৱ কলিতা

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বৰপেটাৰ গজিয়া পথৰ দিগন্ত দাস নামৰ এজন যুৱকৰ পৰা ১০ হেজাৰ টকা উৎকোচ লৈ হাতে লোটে ধৰা পৰে আৰক্ষীৰ উপ পৰিদৰ্শক মাধৱ কলিতা ৷ অভিযোগ অনুসৰি, গোচৰ নিস্পত্তি কৰাৰ নামত যুৱকজনৰ পৰা ১৫ হাজাৰ টকা দাবী কৰিছিল আৰক্ষী উপ পৰিদৰ্শক মাধৱ কলিতাই ৷ অভিযুক্তৰ তীব্ৰ মানসিক হেচাত অৱশেষত মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাত ভুক্তভোগীয়ে মাধৱ কলিতাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ৷

পৰৱৰ্তি সময়ত মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ উপ আৰক্ষী অধীক্ষক আজিজা গুলেনুৰৰ নেতৃত্বত ১৩ জনীয়া এটা দলে অভিযান চলাই বৰপেটা সদৰ থানাৰ সন্মুখতে উৎকোচ হিচাপে লোৱা নগদ ১০ হাজাৰ টকাসহ হাতে লোটে ধৰা পেলায় আৰক্ষী উপ পৰিদৰ্শক গৰাকীক ৷ উৎকোচ দাবী কৰি এইদৰে আৰক্ষীৰ লোক গ্ৰেপ্তাৰ হোৱা ঘটনাক লৈ বৰ্তমান বৰপেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.