ETV Bharat / state

বৰপেটাক লৈ অগপ-বিজেপিৰ মাজত টনা-আঁজোৰা

author img

By

Published : Feb 11, 2021, 5:00 PM IST

বৰপেটা সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত টনা-আঁজোৰা ৷ বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ আহ্বান- মিত্ৰতাৰ ধৰ্ম পালন কৰক বিজেপিয়ে ৷ মিত্ৰজোঁটৰ মাজত পৰস্পৰক সন্মান কৰাতো বিচাৰে অসমৰ ৰাইজে ৷

barpeta-agp-bjp-contrudiction
বৰপেটা সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত টনা-আজোঁৰা

বৰপেটা,11 ফেব্ৰুৱাৰীঃ সমাগত 2021 চনৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দলৰ মাজত সৃষ্টি হৈছে আসনক লৈ টনা-আঁজোৰা ৷ এইবাৰ বৰপেটাত মিত্ৰজোঁট অগপ-বিজেপিৰ মাজত আসনক লৈ চলি আছে টনা আঁজোৰা ৷ বিশেষকৈ অগপৰ দখলত থকা ৰাজ্যৰ ১৪ টা সমষ্টিৰ ভিতৰত ইয়াৰে কেবাটাও সমষ্টি দাবী কৰিছে বিজেপিয়ে ৷

বৰপেটাক লৈ বিজেপি-অগপৰ মাজত চলি থকা টনা আঁজোৰাৰ মাজতেই মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ বিজেপিক আহ্বান বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ ৷ ইতিমধ্যে আগন্তুক নিৰ্বাচনক লৈ বৰপেটা অগপই আৰম্ভ কৰিছে নিৰ্বাচনী ৰণ কৌশল ৷ আনকি গাঁৱে-গাঁৱে বুথ সভা অনুষ্ঠিত কৰি নিৰ্বাচনলৈ সাজু হৈছে বৰপেটাৰ অগপ ৷

বৰপেটাৰ অগপ বিধায়ক গৰাকীৰ দাবী, পূৰ্বৰ নিৰ্বাচন সমূহত চাৰি-পাঁচ হাজাৰ ভোট লাভ কৰা বিজেপিৰ বাবে অনুকুল নহ’ব বৰপেটা সমষ্টি ৷ নৰেন্দ্ৰ মোডী বা সৰ্বানন্দ সোণোৱালৰ সবল নেতৃত্বৰ বাবে বিজেপিৰ সাংগঠনিক ভেটি কিছু পৰিমাণে সবল হ’লেও বৰপেটাৰ পৰিৱেশ-পৰিস্থিতিলৈ লক্ষ্য কৰি সমষ্টিটোৰ নিৰ্বাচনী যুঁজত দলটো কিমান সফল হয়, সেই সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছে অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷ ইপিনে বৰপেটাৰ লগতে অগপৰ দখলত থকা ১৪ টা সমষ্টিয়ে লাগিব বুলিও দাবী কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়কঃ সোণোৱাল চৰকাৰৰ অন্তিমখন বিধানসভাৰ অধিৱেশন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.