ETV Bharat / state

কলগাছিয়াত পথ দুৰ্ঘটনা: দুজনৰ অৱস্থা সংকটজনক

author img

By

Published : Mar 17, 2021, 11:03 AM IST

কলগাছিয়াত সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় তিনিজনকৈ লোক ৷ আহত সকলৰ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আহত সকলক ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷

কলগাছিয়াত পথ দুৰ্ঘটনা:সংকটজনক দুজন
কলগাছিয়াত পথ দুৰ্ঘটনা:সংকটজনক দুজন

বৰপেটা,17মাৰ্চ : কলগাছিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা । ডাম্পাৰ আৰু এলট্ৰ'ৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত আহত হয় তিনিজনকৈ লোক ৷ ইয়াৰে দুজনৰ অৱস্থা সংকজনক। আহত সকলক কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি, তীব্ৰবেগী AS26 C 5211 নম্বৰৰ এখন ডাম্পাৰে আজি পুৱা AS15 N 0487 নম্বৰৰ এখন মাৰুতি ছুজুকি এলট্ৰ' বাহনক প্ৰচণ্ড জোৰে খুন্দিয়াই ৷ যাৰ ফলত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ বিপৰীতে গুৰুতৰ ভাবে আহত হয় তিনিজনকৈ লোক ৷ আহতকেইজনৰ ভিতৰত জনতা গাঁৱৰ হানিফ আলি বেগ আৰু বালিকুৰি গাঁৱৰ ছানোৱাৰ হুছেইনৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত দুজনক এম্বুলেঞ্চৰ দ্বাৰা কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, অবৈধ ভাবে বালিখনন কৰা ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে ৷ শীঘ্ৰে বালিখনন বন্ধ কৰি তীব্ৰবেগী বাহনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাই সচেতন ৰাইজে ৷

অন্য এক খবৰৰ বাবে: কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.