ৰপেটা, ১৬ ছেপ্টেম্বৰ : বৰপেটাৰ দামালঝাৰ গাঁওত এজন যুৱকক আক্ৰমণ একাংশ যুৱকৰ ৷ লাঠিৰে কোবাই কোবাই যুৱকজনৰ ভৰি পৰ্যন্ত ভাঙি পেলায় ৷ বৰপেটা জিলাৰ দামালঝাৰ গাঁৱৰ মনোৱাৰ হুছেইনৰ নেতৃত্বত দেওবাৰে সংঘটিত হৈছিল আক্ৰমণৰ এই ঘটনা ৷ গুৰুতৰভাৱে আহত তালেবৰ ছিকডাৰ নামৰ যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় বৰপেটা চিকিৎসা মহাবিদ্যালয়ত৷ বিস্কুট আদি সামগ্ৰী ঘৰে ঘৰে বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা যুৱকজনে শনিবাৰে পুৱা ঘৰৰ পৰা ওলাই গৈছিল সামগ্ৰী বিক্ৰী কৰিবলৈ ৷ ফেৰী ধৰিবলৈ ওলাই যোৱাৰ পথতে দামালঝাৰ গাঁৱৰ মনোৱাৰ হুছেইনৰ পৰিয়ালৰ একাংশ লোকে আক্ৰমণ কৰে যুৱকজনক৷ পূৰ্বৰ এটা ঘটনাৰ বাবে এই আক্ৰমণ কৰে যুৱকজনৰ নামত ৷
উল্লেখযোগ্য যে প্ৰায় এবছৰ পূৰ্বে দামালঝাৰ গাঁৱৰ উক্ত পৰিয়ালটোৰ নাবালিকা ছোৱালী এজনী পলুৱাই নিছিল তালেবৰ ছিকদাৰ নামৰ যুৱকজনে৷ এই ঘটনাটোক লৈ ৰাজহুৱা বিচাৰত তালেবৰ ছিকদাৰক দুই লাখ পঞ্চাছ হাজাৰ টকাৰ জৰিমনা বিহাৰ উপৰিও তিনিমাহ জেল খাটিও আহিছিল তালেৱৰ ছিকদাৰ৷ কিন্তু উক্ত ঘটনাৰ বাবে ইতিমধ্যে শাস্তি ভোগাৰ পাছতো পুনৰ সেই একেই ঘটনাৰ বাবে শাস্তি দিয়াতো গ্ৰহণ যোগ্য হ'ব নোৱাৰে ৷ ইপিনে এই ঘটনাৰ সৈতে জড়িত ৰজব আলী নামৰ এজন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে ৷