বৰপেটা, 25 জুলাইঃ কৰ’ণা সংকটৰ সময়ত ক’ভিড যোদ্ধাৰ ভূমিকা পালন কৰা বহু আৰক্ষী আক্ৰান্ত হৈছে এই মহামাৰীত ৷ বৰপেটা জিলাৰো 54 গৰাকী আৰক্ষীৰ দেহত পোৱা গৈছিল কৰ’ণা ভাইৰাছৰ সংক্ৰমণ৷ তাৰে ভিতৰত 25 গৰাকী আৰক্ষী লোক বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ উঠিছে ৷ সুস্থ হৈ উঠা আৰক্ষী সকলে শনিবাৰৰ পৰা নিজ নিজ কৰ্তব্যত যোগদান কৰে ৷
ক’ভিড 19ৰ এই যোদ্ধা সকলৰ যোগদানৰ পূৰ্বে তেওঁলোকক সম্বৰ্ধনা জনায় জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে আন আন আৰক্ষী বিষয়া সকল ৷
ইপিনে কৰ’ণাৰ পৰা সুস্থ হৈ উঠা কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি দাসৰ লগতে থানাখনৰ ৪ গৰাকী আৰক্ষীয়ে ক’ভিড চিকিৎসাৰ বাবে প্লাজমা দান কৰিব বুলি জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, কৰ’ণাৰ পৰা সুস্থ হৈ কৰ্তব্যত যোগদান কৰা ২৫ গৰাকী আৰক্ষীৰ ভিতৰত আছে কলগাছিয়া থানাৰ ১৫ জন, বৰপেটাৰোড থানাৰ ৪ জন, সৰুপেটা থানাৰ ১ জন,বাঘমাৰা থানাৰ ১ জন আৰু পাঠশালাৰ মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়ৰ ৪ জন আৰক্ষী ৷
লগতে পঢ়কঃ ছবি আঁকি উপাৰ্জন কৰা ধন বানাক্ৰান্তলৈ আগবঢ়ালে আমগুৰিৰ যুৱকে