ETV Bharat / state

Bangladeshi detained at Barpeta: বৰপেটাৰ গহিয়াত বাংলাদেশী নাগৰিক আটক - বাংলাদেশী নাগৰিক

কবিৰাজী চিকিৎসাৰে অসমৰ গাঁৱে গাঁৱে ঘুৰিছে বাংলাদেশী নাগৰিক । সৰুক্ষেত্ৰীৰ গহিয়াত স্থানীয় লোকে আটক কৰে এজন বাংলাদেশী নাগৰিকক ।

Bangladeshi detained at Barpeta
বৰপেটাৰ গহিয়াত বাংলাদেশী নাগৰিক আটক
author img

By

Published : Nov 30, 2022, 6:04 PM IST

বৰপেটা, ৩০ নৱেম্বৰ: পুনৰ অসমত বাংলাদেশী নাগৰিকে চলাইছে অবৈধ ব্যৱসায় । এইবাৰ কবিৰাজী চিকিৎসাৰে অসমৰ গাঁৱে গাঁৱে ঘুৰিছে বাংলাদেশী নাগৰিক । ইপিনে,বাংলাদেশী নাগৰিকক থাকিবলৈ ঠাই দিছে অসমৰ বংগমূলীয় লোকে ।

বাংলাদেশৰ টাইংগল জিলাৰ মোকলেছ আলী খলিফা নামৰ লোকজনে পাৰপত্ৰ লৈ চেংৰাবান্দা সীমান্তৰে ভাৰতত প্ৰবেশ কৰিছিল । মোকলেছ আলী খলিফাই কোচবিহাৰত ৰাস চাবলৈ উলিয়াইছিল পাৰপত্ৰ । পিছে কোচবিহাৰৰ ৰাস চাবলৈ প্ৰবেশ কৰা মোকলেছে এতিয়া অসমত চলাই আছে কবিৰাজী ব্যৱসায় ।

বৰপেটাৰ গহিয়াত বাংলাদেশী নাগৰিক আটক

বুধবাৰে সৰুক্ষেত্ৰীৰ গহিয়াত স্থানীয় লোকে আটক কৰে এই বাংলাদেশী নাগৰিকজনক (Bangladeshi detained in Barpeta)। উল্লেখ্য় যে এইদৰেই প্ৰথমতে পাৰপত্ৰ লৈ ভাৰতত প্ৰবেশৰ পিছত অসমত প্ৰবেশ কৰি অবৈধভাবে অসমতেই থাকি যায় বাংলাদেশী । লক্ষ্যণীয় বিষয়টো হ'ল এইজন বাংলাদেশী নাগৰিকক আশ্ৰয় দিছিল বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত দেব্ৰাদী গাঁৱৰ বিছা মিঞাই । বিচা মিঞাৰ ঘৰত আশ্ৰয় লৈ অবৈধ ভাৱে সৰুক্ষেত্ৰীৰ বিভিন্ন গাঁৱত চলাইছে ব্যৱসায় । অবশেষত ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে এইজন বাংলাদেশৰ নাগৰিকক।

লগতে পঢ়ক:Ragging incident of DU: চিকিৎসকে অনুমতি দিলে এয়াৰ এম্বুলেন্সেৰে নিয়া হ’ব এইমছলৈ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.