ETV Bharat / state

বৰপেটাৰোডৰ বাছ আস্থানত কোঠালি নিৰ্মাণৰ বিৰুদ্ধে পৌৰ প্ৰশাসন, উপায়ুক্তক স্মাৰক পত্ৰ - Etv Bharat

বৰপেটাৰোড বাছ আস্থানৰ জিৰণী চ'ৰা ভাঙি কোঠালি নিৰ্মাণৰ বাবে পৌৰসভাৰ সভানেত্ৰী সবিতা দেৱনাথ আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা বৰপেটাৰোড বাছ পৰিচালনা সমিতিৰ সভাপতি ধীৰাজ দেউৰীৰ মাজত গোপন বুজাবুজিৰ অভিযোগ ৷

বৰপেটাৰোডৰ বাছ আস্থানত কোঠালি নিৰ্মাণৰ বিৰুদ্ধে পৌৰ প্ৰশাসন, উপায়ুক্তক স্মাৰক পত্ৰ
author img

By

Published : Jul 4, 2019, 7:37 AM IST

বৰপেটা, 4 জুলাই : বৰপেটাৰোডৰ দুমহলীয়া বাছ আস্থানৰ তলৰ অংশত বাছ ৰখাৰ লগতে যাত্ৰীৰ সুবিধাৰ্থে জিৰণী চ’ৰা নিৰ্মাণ কৰা হৈছিল । বৰপেটাৰোড পৌৰসভাই বাছ পৰিচালনা সমিতিক এই বাছ আস্থান সুচাৰুৰূপে পৰিচালনা কৰাৰ দায়িত্বও অৰ্পণ কৰিছিল । কিন্তু বৰপেটাৰোড পৌৰসভাৰ বিজেপি সভানেত্ৰী সবিতা দেৱনাথৰ নেতৃত্বত চলা পৌৰসভাই চলিত বৰ্ষৰ 23 ফেব্ৰুৱাৰীৰ নিশা বৰপেটাৰোড বাছ আস্থানৰ জিৰণী চ’ৰা বন্ধ কৰি চাৰিটা কোঠালিৰ বাবে নির্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল । পৌৰসভাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বাছ পৰিচালনা সমিতিৰ সভাপতি ধীৰাজ দেউৰীয়ে ২৪ ফেব্ৰুৱাৰীত কেইবাটাও সংগঠনৰ সমৰ্থনত পৌৰসভাৰ লগতে জিলা উপায়ুক্তৰ ওচৰত প্ৰতিবাদ কৰিছিল ।

Etv Bharat Assam
বৰপেটাৰোডৰ বাছ আস্থানত কোঠালি নিৰ্মাণৰ বিৰুদ্ধে পৌৰ প্ৰশাসন, উপায়ুক্তক স্মাৰক পত্ৰ

কিন্তু প্ৰতিবাদৰ কেইদিনমান পিছতেই বাছ পৰিচালনা সমিতিৰ সভাপতি তথা কংগ্ৰেছ নেতা ধীৰাজ দেউৰীয়ে পৌৰসভাত দাখিল কৰা অভিযোগ পত্ৰ উঠাই লোৱাৰ লগতে বাছ পৰিচালনা সমিতিৰ নামত দুটা কোঠালি দাবী কৰে । ধীৰাজ দেউৰী আৰু পৌৰসভাৰ সভানেত্ৰী সবিতা দেৱনাথৰ গোপন বুজাবুজি ফলত পৌৰসভাই পূৰ্বৰ চাৰিটা কোঠাৰ স্থানত ছটা কোঠালি নিৰ্মাণৰ বাবে সিদ্ধান্ত লয় । বৰপেটাৰোড পৌৰসভাই যাত্ৰী জিৰণী চ’ৰাৰ স্থানত কোঠালি নির্মাণ কৰাৰ খবৰ লাভ কৰাৰ লগে লগে বৃহত্তৰ বৰপেটাৰোড ব্যৱসায়ী সন্থাই জাঙুৰ খাই উঠে । ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক সুজিৎ সাহাৰ নেতৃত্বত এটি দলে বুধবাৰে পৌৰসভাৰ উপ পৌৰপতিক সাক্ষাৎ কৰি ইয়াৰ প্ৰতিবাদ কৰে আৰু পৌৰসভাক লিখিতভাবে যাত্ৰী জিৰণী চ’ৰাত কোঠা নির্মাণত বাধা প্ৰদান কৰে । বৃহত্তৰ বৰপেটাৰোড ব্যৱসায়ী সন্থাই এই সন্দৰ্ভত জিলা উপায়ুক্ত, পৌৰ সঞ্চালক, নগৰ উন্নয়ণ বিভাগৰ কর্তৃপক্ষৰ ওচৰতো অভিযোগ দাখিল কৰে ৷

Intro:বৰপেটাৰােড় বাছ আস্থানৰ জিৰণী চৰা ভাঙি বৰপেটাৰােড পৌৰসভাই পুনৰাই কোঠালি নিৰ্মাণৰ বাবে উঠিপৰি লাগিছে । আনকি ইয়াৰ বাবে বিজেপি নেতৃত্বাধীন বৰপেটাৰোড পৌৰ সভানেত্রী সবিতা দেৱনাথে প্রদেশ কংগ্ৰেছৰ সম্পাদক তথা বৰপেটাৰােড বাছ পৰিচালনা সমিতিৰ সভাপতি ধীৰাজ দেউৰীৰ সৈতে গােপন বুজাবুজিত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে বৰপেটাৰােডৰ দুমহলীয়া বাছ আস্থানৰ তলৰ অংশত বাছ ৰখাৰ লগতে যাত্রীৰ জিৰণী চ’ৰাও সুন্দৰকৈ নিৰ্মাণ কৰি যাত্ৰীৰ সুবিধা কৰি দিয়া হৈছিল। বৰপেটাৰোড পৌৰসভাই বাছ পৰিচালনা সমিতিক এই বাছ আস্থান সুচাৰুৰূপে পৰিচালনা কৰাৰ দায়িত্বও অৰ্পণ কৰিছিল ।Body:উল্লেখ্য যে বৰপেটাৰােড পৌৰসভাৰ সভানেত্রী সবিতা দেৱনাথৰ নেতৃত্বত চলা বিজেপি পৌৰবােৰ্ডখনে চলিত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰীৰ নিশা বৰপেটাৰােড বাছ আস্থানৰ জিৰণী চ’ৰা বন্ধ কৰি চাৰিটা কোঠালিৰ বাবে নির্মাণ কার্য অর্ধেক সম্পন্ন কৰিছিল । এই কার্য দেখি বাছ পৰিচালনা সমিতিৰ সভাপতি ধীৰাজ দেউৰীয়ে পিচদিনা পৌৰসভাৰ এনে কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰু কেবাটাও সংগঠনৰ জৰিয়তে পৌৰসভাৰ উপৰি জিলা উপায়ুক্তৰ ওচৰতো প্রতিবাদ কৰিছিল ৷আনকি নিজে কাৰ্যকৰী সভাপতিৰ দায়িত্বত থকা বৃহত্তৰ বৰপেটাৰােড ব্যৱসায়ী সন্থাকো এই কার্য প্রতিৰোধ
কৰাত অস্ত্র হিচাপে ব্যৱহাৰ কৰিছিল । কিন্তু এই সকলাে যে এখনি নাটক আছিল সেয়া ওলাই পৰিছে । কিয়নাে এই প্রতিবাদৰ কেইদিনমান পিছতে পৌৰসভাত দাখিল কৰা অভিযােগ পত্র ধীৰাজ দেউৰীয়ে উঠাই লয় আৰু বাছ পৰিচালনা সমিতিৰ নামত দুটা কোঠালি বিচাৰে । এনে পৰিস্থিতিত বাছ পৰিচালনা সমিতিৰ সভাপতি তথা কংগ্ৰেছ নেতা ধীৰাজ দেউৰীয়ে পৌৰসভাৰ সভানেত্রী সবিতা দেৱনাথৰ গােপন বুজাবুজিত পূৰ্বৰ চাৰিটা কোঠাৰ স্থানত ছটা কোঠালি নিৰ্মাণৰ বাবে পৌৰসভাই সিদ্ধান্ত লয় । আনকি দুটা কোঠালি বাছ পৰিচালনা সমিতিক প্রদানৰ বাবেও বৈঠকত সিদ্ধান্ত লােৱাৰ কথাও অভিযোগ উত্থাপন কৰে।Conclusion:অৱশ্যে বৰপেটাৰােড পৌৰসভাই আকৌ এবাৰ অনুৰূপ ধৰণে যাত্রী জিৰণী চ’ৰাত কোঠালি নির্মাণ কৰাৰ খবৰ লাভ কৰি বৃহত্তৰ বৰপেটাৰােড ব্যৱসায়ী সন্থাই জাঙুৰ খাই উঠে। আনকি সন্থাৰ সাধাৰণ সম্পাদক সুজিৎ সাহাৰ নেতৃত্বত এটি দলে পৌৰসভাৰ উপ পৌৰপতিক সাক্ষাৎ কৰি ইয়াৰ প্রতিবাদ কৰে আৰু পৌৰসভাক লিখিতভাবে যাত্রী জিৰণী চ ’ ৰাত কোঠা নির্মাণত বাধা প্ৰদান কৰে। বৃহত্তৰ বৰপেটাৰােড ব্যৱসায়ী সন্থাই এই সন্দৰ্ভত জিলা উপায়ুক্ত , পৌৰ সঞ্চালক , নগৰ উন্নয়ণ বিভাগৰ কর্তৃপক্ষক অভিযােগ দাখিল কৰে ৷
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.