ETV Bharat / state

Loksabha election 2024: অসমত বিজেপিক হৰুৱাবলৈ AIUDF ৰ সহায় লাগিব; বদৰুদ্দিন আজমল

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 1:04 PM IST

বৰপেটাৰ পশ্চিম মাজদিয়াত এ আই ইউ ডি এফৰ দলীয় সভা ৷ দলীয় সভাত অংশগ্ৰহণ কৰে বদৰুদ্দিন আজমলে । সমাগত নিৰ্বাচন সন্দৰ্ভত কেবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় আজমলে ৷

badruddin ajmal slams BJP CONGRESS regarding upcoming election in barpeta
বৰপেটাত এ আই ইউ ডি এফৰ দলীয় সভা
বৰপেটাত এ আই ইউ ডি এফৰ দলীয় সভা

বৰপেটা, 5 নৱেম্বৰ: নিজৰ মন্তব্যত অটল এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল ৷ শনিবাৰে বৰপেটা জিলা সমিতি আৰু চেঙা সমষ্টিৰ উদ্যোগত বৰপেটাত আয়োজন কৰা হয় এ আই ইউ ডি এফৰ এখন দলীয় সভা ৷ বদৰুদ্দিন আজমল, বিধায়ক কৰিম উদ্দিন বৰভূঞা, চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন আৰু জনীয়া সমষ্টিৰ বিধায়ক ডঃ ৰফিকুল ইছলাম উপস্থিত থাকে দলীয় সভাখনত ৷ সভাত বিৰোধী দল কংগ্ৰেছ আৰু শাসকীয় বিজেপি দলক সমালোচনা কৰে দলটোৱে ।

সভাখনত বিজেপি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে আজমলে ৷ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ দলটোৰ শত্ৰু বুলি অভিহিত কৰাৰ লগতে মুখ্যমন্ত্ৰীক দলটোৰ ডাবল শত্ৰু বুলি কয় বদৰুদ্দিন আজমলে ৷ ইয়াৰ লগতে, 26 ৰ পূৰ্বে হিমন্ত বিশ্বক বিদায় দিয়া হ’ব বুলি দাবী কৰে এ আই ইউ ডি এফ প্ৰধানগৰাকীয়ে ৷

ইয়াৰ লগতে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি ৰাতি ৰাতি টকাৰ বাবে কংগ্ৰেছে হিমন্ত বিশ্বৰ ওচৰত লাইন পাতে বুলিও চাঞ্চল্যকৰ অভিযোগ তোলে বিৰোধী দলটোৰ বিৰুদ্ধে ৷ আজমলক হিমন্তই কিনিব নোৱাৰে বুলি উল্লেখ কৰি হিমন্তবিশ্বৰ দৰে বহু মুখ্যমন্ত্ৰীক তেওঁ কিনিব পাৰিব বুলিও আজমলে কয় ৷

ইয়াৰোপৰি, আজমলে তেওঁলোকৰ 54 জন ল’ৰা ছোৱালীয়ে এতিয়া DC/SDC অফিচত বহি কাম কৰি আছে বুলি উল্লেখ কৰাৰ লগতে 25 বছৰত তেওঁলোকে 40 লাখ ৰোগীক বিনামূলীয়াকৈ চিকিৎসা আৰু অস্ত্ৰোপচাৰ প্ৰদান কৰিছে বুলি কয় ৷ আনহাতে, অসমত বিজেপিক হৰুৱাবলৈ AIUDF ৰ সহায় লাগিব বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে মুছলমানৰ ভৰি ধুই পানী খাব লাগিব বুলি বিতৰ্কিত মন্তব্য আগবঢ়াইছিল এ আই ইউ ডি এফ প্ৰধানগৰাকীয়ে ৷

লগতে পঢ়ক: Allegation Against EX Minister Family: পুত্ৰৰ বদ স্বভাৱৰ কথা কিয় লুকুৱাইছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই, শুনক ভুক্তভোগীৰ মুখেৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.