ETV Bharat / state

নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু মন্ত্ৰী হিমন্তক নাৱত বান্ধি পঠাই দিয়া হ'ব বাংলাদেশলৈ : বদৰুদ্দিন আজমল - mission-21

নতুন ৰাজনৈতিক সূৰ্য উদয় হ'ব 21 ত ৷ আজিৰ পৰাই আজমলে আৰম্ভ কৰিলে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ মিছন-21 ৷ ইউপিপিএল, এএছডিচি আৰু সৰু সৰু ৰাজনৈতিক দলসমূহক লগত লৈ আজমলৰ মিছন-21 ৷

বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 20, 2019, 4:55 PM IST

বৰপেটা, 20 এপ্ৰিল : এই নিৰ্বাচনৰ পাচতে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু মন্ত্ৰী হিমন্তক নাৱত মজবুতকৈ বান্ধি নদীৰ মাজেৰে পঠাই দিয়া হ'ব বাংলাদেশলৈ ৷ শনিবাৰে বৰপেটাৰ গৰৈমাৰীত এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে মন্তব্য কৰে সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ৷ উক্ত সভাতে এই নিৰ্বাচনৰ পাচতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাগল হৈ তেজপুৰলৈ যাব লাগিব আৰু মোডীয়ে গুজৰাটলৈ গৈ পুনৰ চাহৰ দোকান দিব লাগিব বুলি দুয়োকে সমালোচনা কৰে আজমলে ৷

বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ

ইপিনে আজিৰে পৰাই আগন্তুক বিধানসভা নিৰ্বাচনক লৈ মিছন-21 আৰম্ভ কৰা বুলিও মন্তব্য কৰে এ আই ইউ ডি এফ প্ৰধানগৰাকীয়ে ৷ ইউপিপিএল, এএছডিচি আৰু ৰাজ্যৰ আন সৰু সৰু ৰাজনৈতিক দলসমূহক একত্ৰিত কৰি 21ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হোৱা বুলি ঘোষণা কৰি মিছন-21 বিজেপি, কংগ্ৰেছ আৰু বি পি এফৰ তীব্ৰ প্ৰত্যাহ্বান হ'ব বুলি মত প্ৰকাশ কৰে আজমলে ৷ আনহাতে কোকৰাঝাৰত ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্ম জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে আজমলে ৷

Slug:     A_BAR_20APR_809TO815_AIUDF_AJMAL_MASS_CAMPAIGN_SPEECH+VIS+BITE+PHOTO_BAPKAN_DAS                                
৷৷ বিগ ব্ৰেকিং নিউজ বৰপেটা ৷৷
২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ সাজু আজমলঃ আৰম্ভ কৰিলে মিছন- ' ২১ ৷ 

বৰপেটা, ২০ এপ্ৰিলঃ বৰপেটাৰ গৰৈমাৰীত এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ সমৰ্থনত আজি বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰি বদৰুদ্দিন আজমলে কৰিলে এক ৰাজনৈতিক বিস্ফোৰন ৷ আজমলৰ ঘোষনা- বিধানসভা নিৰ্বাচনলৈ আজিৰেপৰা আৰম্ভ হ'ল মিছন '২১ ৷ ইউপিপিএল, এএছডিচি আৰু ৰাজ্যৰ আন সৰু সৰু ৰাজনৈতিক দলসমুহক একত্ৰিত কৰি ২১ চনৰ বিধানসভা নিৰ্বাচনলৈ সাজু হোৱা বুলি ঘোষনা কৰিলে আজমলে ৷ আজমলে কলে- বিজেপি, কংগ্ৰেছ আৰু বিপিএফৰ বাবে মিছন ২১ হব তীব্ৰ প্ৰত্যাহ্বান ৷ বৰপেটাৰ এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ সমৰ্থনত সমবেত  বিশাল নিৰ্বাচনী সভাখনত  হিমন্তবিশ্ব শৰ্মাক সমালোচনা কৰি হিমন্তবিশ্ব শৰ্মা পাগল হৈছে আৰু আজমলে নিজৰ খৰচত মন্ত্ৰীগৰাকীক তেজপুৰলৈ পঠাব বুলিও মন্তব্য কৰে আজমলে ৷ এইবাৰ মোডী হটাও হব আৰু মোডীয়ে গুজৰাটলৈ গৈ চাহ দোকান দিব লাগিব বুলিও মনিতব্য কৰে ৷ মোডীয়ে নিৰ্বাচনত জয়ী হৈ সংখ্যালঘুসকলক বাংলাদেশলৈ খেদি পঠাব বুলি কয় আৰু আজমলে জয়ী হৈ মোডীক চাহ দোকান দিবলৈ গুজৰাটৰ গাওলৈ পঠিয়াব বুলি মন্তব্য কৰে ৷ নিৰ্বাচনৰ পিচত মোডী, অমিতশ্বাহ আৰু হিমন্তবিশ্বক নাওত বান্ধি নদীৰে বাংলাদেশলৈ পঠাব বুলি আজমলে প্ৰকাশ কৰে ৷ হিমন্তৰ টকাৰে কংগ্ৰেছৰ টিকট ক্ৰয় কৰা বুলি বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী  আব্দুল খালেকক সমালোচনা কৰাৰ লগতে হিমন্তৰ টকাৰে খালেকে বিজেপিৰ ওচৰত ভোট বক্ৰী কৰি আছে বুলিও অভিযোগ তোলে ৷ খালেক হিমন্তৰ পেটৰ পৰা জন্ম লৈছে  আৰু হিমন্তৰ ভৰি মালিছ কৰে আব্দুল খালেকে ৷ আব্দুল খালেকক এটা ভোট দিয়া মানে বিজেপিক দুটা ভোট দিয়া ৷ বৰপেটা আৰু ধুবুৰীৰ প্ৰাৰ্থী আব্দুল খালেক, আবুতাহেৰ বেপাৰী আৰু জাভেদ ইছলাম হিমন্তবিশ্ব আৰু বিজেপিৰ এজেন্ট ৷ গুজৰাট কাণ্ডৰ বাবে মোডীক অৰন্যলৈ গৈ পাপ খণ্ডনৰ বাবেও আহ্বান আজমলৰ ৷
আনহাতে বৰপেটাত এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামৰ বিজয় নিশ্চিত বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ প্ৰাৰ্থীগৰাকীৰ মতে, অগপৰ কুমাৰ দীপক দাসৰ সৈতে হব এআইইউডিএফৰ প্ৰতিদ্বন্দিতা ৷ আনহাতে বৰপেটাত এআইইউডিএফ শক্তিশালী স্থিতিৰ বাবেই প্ৰাৰ্থীগৰাকীক আক্ৰমনৰ লক্ষ্য কৰি লৈছে প্ৰতিপক্ষই ৷

বাইটঃ বদৰুদ্দিন আজমল ৷
বাইটঃ হাফিজ ৰফিকুল ইছলাম ৷
-- বাপকন দাস, বৰপেটা 
ফুটেজ,ফটো আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.