জনীয়া, 20 জুনঃ পৰিৱৰ্তনকামী চৰকাৰৰ দিনত অপৰিৱৰ্তিত বাট-পথ । জনীয়া সমষ্টিৰ বৰভিটা গাঁও পঞ্চায়তৰ এলেকাধীন কেইবাটাও পথৰ দুৰৱস্থাই জীয়াতু ভোগাই আহিছে বৰভিটা পঞ্চায়তবাসীক । এজাক কিনকিনীয়া বৰষুণতেই কদৰ্যময় হৈ পৰে বিধস্ত পথছোৱা । জনপ্ৰতিনিধিক ৰাইজে বহু অনুৰোধ কৰাৰ পাছতো ৰাস্তাটোৰ কাম নকৰাৰ বাবে ৰাস্তাত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁওখনৰ ৰাইজে । বিধ্বস্ত পথছোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে যান-বাহন চলাচল একেবাৰে বন্ধ হৈ পৰে । ৰোগীসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰটো অসুবিধাৰ সন্মুখীন হয় অঞ্চলটোৰ ৰাইজ ।
পৰিৱৰ্তনকামী চৰকাৰলৈ ৰাইজে অতি শীঘ্ৰেই বিধ্বস্ত পথছোৱা নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে । প্ৰায় দুই কিল'মিটাৰ দৈঘ্যৰ পথছোৱাৰ আধা কাম কৰিয়েই দায়িত্ব সামৰা পৰিলক্ষিত হৈছে । ৰাইজৰ অভিযোগ অনুসৰি, চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন কৰিও ৰাইজে পথছোৱাইদি যাতায়তৰ সুবিধা লাভ নকৰিলে । সেয়ে স্থানীয় ৰাইজে ক্ষোভিত হৈ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে । উল্লেখযোগ্য যে, জনীয়া সমষ্টিৰ অন্তৰ্গত বৰভিটা গাঁও পঞ্চায়তৰ চান্দমামা, খাদাট্টাৰীকে ধৰি কেইবাটাও এলেকাৰ অতি ব্যস্ততাপূৰ্ণ ৰাস্তাৰ কদৰ্যময় অৱস্থাই ৰাইজক জীয়াতু ভোগাইছে । এই ক্ষেত্ৰত ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজে ।
লগতে পঢ়ক : বৰপেটাৰ ৰাউলীত পথ দুৰ্ঘটনা থিতাতে নিহত এজন