জনীয়া, 12 ডিচেম্বৰ : বিগত বৰ্ষত বৰপেটাৰ পুতলাৰটাৰী গাঁৱৰ মোবাৰক আলীৰ কন্যা গৰাকীৰ বিবাহ হৈছিল কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ আব্দুল গফুৰৰ পুত্ৰ বাহাৰুল ইছলামৰ সৈতে । অভিযোগ অনুসৰি, বাহাৰুল ইছলামে নিজৰ পত্নীৰ পিতৃ পৰিয়ালৰ পৰা দীৰ্ঘ দিনৰ পৰাই ১০ লাখ টকা আৰু চাৰি চকীয়া বাহন যৌতুক হিচাপে দাবী কৰি আহিছিল ৷
কেৱল ইমানতে ক্ষান্ত নাথাকি যৌতুকৰ বাবে পৰিয়ালৰ সৈতে মিলি পত্নীক শাৰীৰিক-মানসিক অত্যাচাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে বাহাৰুলৰ বিৰুদ্ধে(Domestic violence for dowry) । ইয়াৰোপৰি, স্বামীৰ পৰিয়ালে যৌতুক দাবী কৰা মতে ধন দিব নোৱাৰাত গৰ্ভত থকা সন্তান ঔষধৰ জৰিয়তে নষ্ট কৰি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰী গৰাকীয়ে ৷
ইয়াৰ লগতে শাহুৱেক বানেছা খাতুন আৰু শহুৰেক আব্দুল গফুৰে বলপূৰ্বকভাবে প্ৰাণে মাৰাৰ চেষ্টা চলোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী বোৱাৰী গৰাকীয়ে(Attempt to murder for Dowry) । স্বামীৰ পৰিয়ালে প্ৰাণে মাৰিবলৈ যত্ন কৰাৰ মূহুৰ্তত চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই আগবাঢ়ি আহি উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে বুলিও জানিবলৈ দিয়ে ভুক্তভোগীয়ে ।
পিছত তেওঁৰ পৰিয়ালে তেওঁক ঘৰলৈ লৈ যায় যদিও ৫ মাহ উকলি যোৱাৰ পিছতো স্বামী বাহাৰুল ইছলামৰ লগতে পৰিয়ালৰ লোকে কোনো খবৰ নোলোৱাৰো অভিযোগ কৰে তেওঁ ৷ অৱশ্যে ফোন কৰি আৰু মেছেজ যোগে তেওঁ আৰু তেওঁৰ পৰিয়ালক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে মৃত্যুৰ ভাবুকি দিয়ে বুলি অভিযোগ আনিছে বোৱাৰী গৰাকীয়ে । উপায়হীন হৈ ভুক্তভোগী পৰিয়ালে ন্যায় বিচাৰি কলগাছিয়া আৰক্ষী থানা(Kalgasia police station)ত এজাহাৰ দাখিল কৰিছে । এতিয়া আৰক্ষী প্ৰশাসনক উক্ত ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে পৰিয়ালটোৱে ।
লগতে পঢ়ক : কিয় আৰক্ষীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে অপহৃতা কিশোৰীৰ পৰিয়ালে ?