ETV Bharat / state

মহাবিদ্যালয়ৰ অধ্যক্ষক হত্যাৰ ভাবুকিৰে চাকৰি নিয়মীয়াকৰণৰ দাবী - murder

নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ছাহজাহান আলী আহমেদক ডিঙি কাটি হত্যা কৰাৰ ভাবুকি প্ৰদান মহাবিদ্যালয়ৰ ঠিকা ভিত্তিক কাৰ্যালয় সহায়ক শ্বেখ হাফিজুৰ ৰহমানৰ ৷ সংবাদমেল সম্বোধন এই কথা উল্লেখ কৰে অধ্যক্ষ গৰাকীয়ে ৷

attempt to murder
মহাবিদ্যালয়ৰ অধ্যক্ষক ডিঙি কাটি হত্যাৰ ভাবুকি
author img

By

Published : Dec 25, 2020, 12:54 PM IST

জনিয়া,25 ডিচেম্বৰ : বৰপেটাৰ কলগাছিয়াত ডিঙি কাটি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ছাহজাহান আলী আহমেদক ৷ একেখন মহাবিদ্যালয়ৰ ঠিকা ভিত্তিক কাৰ্যালয় সহায়ক শ্বেখ হাফিজুৰ ৰহমানে ডিঙি কাটি হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে অধ্যক্ষ গৰাকীয়ে ৷

বৃহস্পতিবাৰে বিয়লি 3.30 বজাত শ্বেখ হাফিজুৰে তেওঁৰ পিতৃক লগত লৈ অনাধিকাৰে অধ্যক্ষ গৰাকীৰ কাৰ্যালয়ত প্ৰৱেশ কৰি হাফিজুৰৰ চাকৰি নিয়মীয়াকৰণৰ ওপৰত নানা প্ৰশ্নৰে অধ্যক্ষ গৰাকীক থকা-সৰকা কৰে । চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত অধ্যক্ষ তথা পৰিচালনা কমিটীৰ হাত নাই বুলি অধ্যক্ষ ছাহজাহানে সকীয়াই দিয়ে ৷

মহাবিদ্যালয়ৰ অধ্যক্ষক ডিঙি কাটি হত্যাৰ ভাবুকি

নিয়ম অনুসৰি চৰকাৰী নিৰ্দেশ মৰ্মে, চাকৰিৰ বাবে বিজ্ঞাপন দিয়াৰ পাচত সাক্ষাৎকাৰ লোৱা হ’ব ৷ খঙত অগ্নি শৰ্মা হৈ পিতৃৰ সন্মুখতেই শ্বেখ হাফিজুৰে চাকৰি নিদিলে অধ্যক্ষ গৰাকীৰ ডিঙি কাটি হত্যাৰ ভাবুকি দিয়ে ৷ অধ্য়ক্ষ গৰাকীয়ে সংবাদমেল সম্বোধন কৰি শ্বেখ হাফিজুৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷

এই সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হয় ৷ সম্প্ৰতি অধ্যক্ষ গৰাকীয়ে নিৰাপত্তাহীনতাত ভুগিছে বুলি সংবাদমেলযোগে উল্লেখ কৰে । এইক্ষেত্ৰত আইনৰ সহায় ল’ব বুলি তেওঁ জানিবলৈ দিয়ে অধ্যক্ষ গৰাকীয়ে।

লগতে পঢ়ক : বিজেপিলৈ যাবনে অজন্তা : আজিৰ ভিতৰত উত্তৰ লাগে প্ৰদেশ কংগ্ৰেছক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.