ETV Bharat / state

জনীয়া সত্ৰত লুটপাতৰ চেষ্টা দুৰ্বৃত্তৰ - Barpeta District

শুকুৰবাৰে পুৱতি নিশা বৰপেটা জিলাৰ জনীয়াস্থিত শ্ৰীশ্ৰীপুৰুষোত্তম ঠাকুৰদেৱ সত্ৰত লুটপাতৰ উদ্দেশ্যৰে প্ৰৱেশ কৰে এটা চোৰ ৷ অঞ্চলটোৰ প্ৰাতঃভ্ৰমণলৈ অহা একাংশ লোকৰ এই ঘটনা দৃষ্টিগোচৰ হোৱাত চোৰটোৰ চেষ্টা বিফল হয় ৷ ততালিকে স্থানীয় ৰাইজে চোৰটোক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷

Attempt of loot failed in jania satra barpeta assam etv bharat news
জনীয়া সত্ৰত লুটপাতৰ চেষ্টা ব্যৰ্থ
author img

By

Published : Sep 11, 2020, 3:50 PM IST

জনীয়া,11 ছেপ্তেম্বৰ: কিছুদিন পূৰ্বে বৰপেটাৰ গণককুছি সত্ৰত গুৰু আসন জ্বলোৱা ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই পুনৰ জিলাখনৰ জনীয়া সত্ৰত সংঘটিত হৈছে অন্য এক অঘটন ৷ শুকুৰবাৰে পুৱতি নিশা জনীয়াৰ শ্ৰীশ্ৰীপুৰুষোত্তম ঠাকুৰদেৱ সত্ৰত লুটপাতৰ উদ্দেশ্যৰে প্ৰৱেশ কৰে এটা চোৰ ৷ অঞ্চলটোৰ প্ৰাতঃভ্ৰমণলৈ অহা একাংশ লোকৰ এই ঘটনা দৃষ্টিগোচৰ হোৱাত চোৰটোৰ চেষ্টা বিফল হয় ৷ ততালিকে স্থানীয় ৰাইজে চোৰটোক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ ধৃত চোৰটো বৰপেটাৰ সৰ্থেবাৰীৰ মনোজ বড়ো বুলি জানিব পৰা গৈছে ৷

জনীয়া সত্ৰত লুটপাতৰ চেষ্টা ব্যৰ্থ

ইফালে ঘটনা প্ৰসংগত জনীয়াস্থিত সত্ৰখনৰ বাসিন্দাসকলে প্ৰকাশ কৰা অনুসৰি,সাম্প্ৰদায়িক সংঘৰ্ষ ঘটোৱাৰ উদ্দেশ্যে দুগৰাকী দুস্কৃতিকাৰীয়ে এটা চোৰক জনীয়া সত্ৰ চৌহদত বলপূৰ্বকভাৱে প্ৰৱেশ কৰোৱাই উক্ত স্থান পৰিত্যাগ কৰে ৷ সেয়ে এই চুৰি কাৰ্যৰ বাবে চলোৱা চেষ্টা অতি ৰহস্যজনক বুলি মতপোষণ কৰে সত্ৰবাসীৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে ৷ কিয়নো জনীয়াত বাস কৰা লোকসকলৰ প্ৰায় 95 শতাংশই এক বিশেষ ধৰ্মৰ ৷ তাৰ ভিতৰত একাংশ লোকে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ অহৰহ চেষ্টা চলাই অহা বুলি অঞ্চলবাসীয়ে অভিযোগ উত্থাপন কৰে ৷ ভৱিষ্যতে অঞ্চলবাসীৰ মাজত দুস্কৃতিকাৰীয়ে সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ চেষ্টা নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷ বৰ্তমান আটকাধীন চোৰটোক আৰক্ষীয়ে ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি প্ৰাথমিক জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত সত্য উদঘাটন হোৱাৰ সম্ভাৱনা আছে ৷

লগতে চাওকঃ গোসাইগাঁৱত শোকাবহ পথ দূৰ্ঘটনাঃ নিহত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.