জনিয়া,7 এপ্ৰিলঃ বৰপেটা জিলাৰ কলগাছিয়াত সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ কলগাছিয়াৰ ১৭৮৬নং পূৱ কলগাছিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হনুফা খাতুনৰ নাভুত-নাশ্ৰুত কাণ্ডই সকলোৰে চকু কপালত তুলিছে । ঘটনাৰ বিৱৰণী অনুসৰি,ৰাজ্যৰ শিক্ষা বিভাগৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী যোগান ধৰাৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি শিক্ষয়িত্ৰী গৰাকীয়ে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক একগোট কৰি মাত্ৰ 5 কেজিকৈ চাউল বিতৰণ কৰে । শিক্ষয়িত্ৰী গৰাকীয়ে লক ডাউন অমান্য কৰি মধ্যাহ্ন ভোজনৰ চাউল যোগান ধৰাত স্থানীয় অভিভাৱকে সংবাদমাধ্য়মক খবৰ দিয়ে ।
প্ৰাপ্ত খবৰৰ ভিত্তিত বিদ্যালয়খনত সাংবাদিক উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰিবলৈ ধৰোতে প্ৰধান শিক্ষয়িত্ৰী হনুফা খাতুন, স্বামী তথা কলগাছিয়াৰ গড়কাপ্তানি বিল্ডিং বিভাগত কৰ্মৰত এছ এ সাহেব আলী আৰু পুত্ৰই সাংবাদিক গৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগতে কেমেৰা ভাঙিবলৈ চেষ্টা কৰে । উক্ত ঘটনাক কেন্দ্ৰ কৰি অভিভাৱক তথা স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । দীৰ্ঘদিনৰ পৰা বিদ্যালয়খনত শিক্ষয়িত্ৰী গৰাকীৰ স্বামী আৰু পুত্ৰই অহেতুক দপদপনি চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ঘটনা সন্দৰ্ভত সাংবাদিক নজমুল হকে কলগাছিয়া থানাত শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে ৷
লগতে চাওকঃ লকডাউনৰ সময়ত কোলাত 14 মহীয়া সন্তানক লৈ কৰ্তব্যলৈ আহিল এগৰাকী মহিলা আৰক্ষী