ETV Bharat / state

বাৰেংগাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত নাই এজনো চিকিৎসক - Protest demanding appointment of doctors

বাৰেংগাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক নিযুক্তিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ মানাহ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাক্সা জিলা ছাত্ৰ সন্থাৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ চিকিৎসালয়খনত স্থায়ী চিকিৎসক নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ দাবী উত্থাপন কৰে ৷

assu protest in baksa
বাৰেংগাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত নাই এজনো চিকিৎসক
author img

By

Published : Jun 3, 2021, 9:07 PM IST

বৰপেটাৰোড, 3 জুন : বাক্সাৰ শালবাৰীৰ বাৰেংগাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক নিযুক্তিৰ দাবীত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মানাহ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাক্সা জিলা ছাত্ৰ সন্থাৰ সহযোগত চিকিৎসালয়খনত চিকিৎসক নিযুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ জানিব পৰা মতে বাৰেংগাবাৰী সামুহিক স্বাস্থ্য কেন্দ্রত নাই এজনো চিকিৎসক। সেয়ে স্বাস্থ্যকেন্দ্রলৈ অহা ৰোগীয়ে চিকিৎসকক বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। ক'ভিড-১৯ৰ ভয়াবহতাৰ মাজতো স্বাস্থ্যকেন্দ্ৰখনত এজনো চিকিৎসক নথকাত ক্ষোভিত হৈ পৰিছে ছাত্ৰ সন্থাৰ লগতে অঞ্চলবাসী ৷

বাৰেংগাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত নাই এজনো চিকিৎসক

চিকিৎসালয়খনত মাত্ৰ এগৰাকী নাৰ্চে চলাই গৈছে চিকিৎসা সেৱা। সেয়ে এই মহামাৰীৰ সময়ছোৱাত বৃহত্তৰ বাঁহবাৰী অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ সন্থাই চিকিৎসালয়খনত স্থায়ী চিকিৎসক নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ দাবী উত্থাপন কৰে ৷ চিকিৎসালয়খনত চিকিৎসক নিযুক্তিৰ দাবী জনাই পূৰ্বেও বিভিন্ন সময়ত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল ৷ কিন্তু কেৱল আশ্বাস দিয়াৰ বাহিৰে কোনো সুফল লাভ কৰা নাই অঞ্চলবাসীয়ে ৷ সেয়েহে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনক বাৰেংগাবাৰী সামুহিক স্বাস্থ্য কেন্দ্রত চিকিৎসক নিযুক্তি দিবলৈ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক: কাগজ কল কিনিবলৈ ইচ্ছুক ব্যক্তিক গামোচা পিন্ধাব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.