বৰপেটা, 22 আগষ্টঃ অসমৰ এগৰাকী যুৱতীৰ দুঃসাহসিক যাত্ৰা ৷ গুৱাহাটীৰ নুনমাটিৰ নিৰ্মালী নাথ নামৰ বাইক ৰাইডাৰ গৰাকীয়ে সাজু হৈছে মটৰ চাইকেলেৰে গুৱাহাটীৰ পৰা যাত্ৰা জম্মু কাশ্মীৰলৈ যাত্ৰাৰ বাবে ৷ অসমৰ পৰ্যটন উদ্যোগৰ প্ৰতি দেশী বিদেশী পৰ্যটকক আগ্ৰহী কৰি তোলা আৰু কাৰ্গিল যুদ্ধৰ বিশ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অসমবাসীৰ হৈ কাৰ্গিলৰ সেনা জোৱান সকলক ধন্যবাদ দিয়াৰ উদ্দেশ্যে যুৱতী গৰাকীয়ে আৰম্ভ কৰিছে এই যাত্ৰা ৷ চাৰি মাহৰ সময়সীমাৰে নিৰ্মালী নাথে জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড, হিমাচল, ছিকিম, অৰুণাচলৰ লগতে নেপাল আৰু ভূটানক আৱৰি ৰখা সমগ্ৰ হিমালয়ৰ পাৰ্বত্য অঞ্চল ভ্ৰমণ কৰিব ৷ উল্লেখযোগ্য যে, গুজৰাট তথা সমগ্ৰ দক্ষিণ ভাৰতৰ সাগৰীয় অঞ্চলসমূহৰ লগতে শ্ৰীলংকালৈ মটৰ চাইকেলেৰে যাত্ৰা কৰিছিল এই গৰাকী দুঃসাহসী অসম কন্যাই ৷
দুঃসাহসিক যাত্ৰাৰ বাবে সাজু গুৱাহাটীৰ নিৰ্মালী - নিৰ্মালী নাথ যাত্ৰা জম্মু কাশ্মীৰ
অসমৰ পৰ্যটন উদ্যোগৰ প্ৰতি দেশী বিদেশী পৰ্যটকক আগ্ৰহী কৰি তোলাৰ বাবে গুৱাহাটীৰ নুনমাটিৰ নিৰ্মালী নাথ নামৰ বাইক ৰাইডাৰ গৰাকীয়ে সাজু হৈছে মটৰ চাইকেলেৰে গুৱাহাটীৰ পৰা জম্মু কাশ্মীৰলৈ যাত্ৰাৰ বাবে
বৰপেটা, 22 আগষ্টঃ অসমৰ এগৰাকী যুৱতীৰ দুঃসাহসিক যাত্ৰা ৷ গুৱাহাটীৰ নুনমাটিৰ নিৰ্মালী নাথ নামৰ বাইক ৰাইডাৰ গৰাকীয়ে সাজু হৈছে মটৰ চাইকেলেৰে গুৱাহাটীৰ পৰা যাত্ৰা জম্মু কাশ্মীৰলৈ যাত্ৰাৰ বাবে ৷ অসমৰ পৰ্যটন উদ্যোগৰ প্ৰতি দেশী বিদেশী পৰ্যটকক আগ্ৰহী কৰি তোলা আৰু কাৰ্গিল যুদ্ধৰ বিশ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অসমবাসীৰ হৈ কাৰ্গিলৰ সেনা জোৱান সকলক ধন্যবাদ দিয়াৰ উদ্দেশ্যে যুৱতী গৰাকীয়ে আৰম্ভ কৰিছে এই যাত্ৰা ৷ চাৰি মাহৰ সময়সীমাৰে নিৰ্মালী নাথে জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড, হিমাচল, ছিকিম, অৰুণাচলৰ লগতে নেপাল আৰু ভূটানক আৱৰি ৰখা সমগ্ৰ হিমালয়ৰ পাৰ্বত্য অঞ্চল ভ্ৰমণ কৰিব ৷ উল্লেখযোগ্য যে, গুজৰাট তথা সমগ্ৰ দক্ষিণ ভাৰতৰ সাগৰীয় অঞ্চলসমূহৰ লগতে শ্ৰীলংকালৈ মটৰ চাইকেলেৰে যাত্ৰা কৰিছিল এই গৰাকী দুঃসাহসী অসম কন্যাই ৷
বৰপেটা, ২২ আগষ্টঃ এগৰাকী অসম কন্যাই মটৰ চাইকেলেৰে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে জম্মু কাশ্মীৰলৈ ৷ যুৱতীগৰাকীয়ে জম্মু, কাশ্মীৰ, লাডাখৰ লগতে নেপাল ভূটানসহ সমগ্ৰ হিমালয়ৱৰ্তী ৰাজ্যসমুহ ভ্ৰমন কৰি অসমৰ প্ৰতি দেশ বিদেশৰ পৰ্যটকক আকৰ্ষিত কৰাৰ প্ৰয়াস চলাব ৷ অসম কন্যা নিৰ্মালী নাথৰ এই দুঃসাহসী যাত্ৰাক লৈ আমাৰ এক প্ৰতিবেদন ৷
Body:জম্মু, কাশ্মীৰ, লাডাখকে ধৰি কাশ্মীৰ উপত্যকাৰ পৰিস্থিতি এতিয়াও অগ্নিগৰ্ভা ৷ সকলো উদ্বিগ্ন শেহতীয়া ৰাজনৈতিক পৰিস্থিতিক লৈ ৷ জম্মু, কাশ্মীৰ, লাডাখক পৃথক ৰাজ্য ঘোষনা কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পিচতে অঞ্চলটোৰ পৰা আতৰি আহিছে বাহিৰৰ লোকসকল ৷ কিন্তু এনে এক পৰিস্থিতিৰ মাজতো জম্মু কাশ্মীৰ আৰু লাডাখলৈ মটৰ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে এইগৰাকী অসম সাহসী কন্যা নিৰ্মালী নাথে ৷ গুৱাহাটীৰ নুনমাটি গোপাল নগৰৰ ভূমিধৰ নাথ আৰু বাসন্তী নাথৰ কন্যা নিৰ্মালীয়ে বুধবাৰে এখন এনফিল্ড মটৰ চাইকেলেৰে এই দুঃসীহসী মটৰ চাইকেল যাত্ৰা আৰম্ভ কৰে ৷ সমগ্ৰ ভাৰততে এগৰাকী আগশাৰীৰ বাইক ৰাইডাৰ হিচাপে পৰিচিত নিৰ্মালী নাথে এইবাৰৰ এই ভ্ৰমনৰ জৰিয়তে অসমৰ পৰ্যটনক্ষেত্ৰৰ বিষয়ে প্ৰচাৰ চলাব ৷ নিৰ্মালীয়ে জম্মু, কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড, হিমাচল, চিকিম, অৰুণাচলৰ লগতে নেপাল আৰু ভূটানক আবৰি ৰখা সমগ্ৰ হিমালয় পাৰ্বত্য অঞ্চল ভ্ৰমন কৰিব ৷ নিৰ্মালীয়ে এই যাত্ৰাৰ সময়ত কাৰ্গিলৰ সেনা শিবিৰত উপস্থিত হৈ কাৰ্গিল যুদ্ধৰ বিশ বছৰীয়া পূৰ্তি উপলক্ষে দেশ ৰক্ষাৰ কামত নিয়োজিত সেনা জোৱানসকলকো অসমবাসীৰ হৈ ধন্যবাদ জনাব ৷ হিমালয়ৰ পাদদেশৰ বিভিন্ন ৰাজ্য আৰু দুখনকৈ বিদেশী ৰাষ্ট্ৰ ভ্ৰমনলৈ ওলোৱা এই ভ্ৰমনক নিৰ্মালীয়ে নিজেই অতিশয় জটিল, কষ্টকৰ আৰু প্ৰত্যাহ্বানমূলক বুলি অভিহিত কৰিছে ৷ নিৰ্মালীয়ে জানিবলৈ দিয়ামতে, সমগ্ৰ হিমালয়ৱৰ্তী অঞ্চলটো ভ্ৰমনৰ বাবে প্ৰায় চাৰি মাহ সময়ৰ প্ৰয়োজন হব ৷ নিশ্চিতভাৱে এই চাৰি মাহৰ ভ্ৰমনৰ জৰিয়তে অসমৰ পৰ্যটনৰ প্ৰতি দেশ বিদেশৰ পৰ্যটকক আগ্ৰহী কৰি তুলিবলৈ সক্ষম হোৱাৰ লগতে নিশ্চিতভাৱে এই যাত্ৰাৰ জৰিয়তে দেশ বিদেশে অসমীয়া যুৱতীৰ সাহসী গাঠা প্ৰচাৰিত কৰিবলৈ সক্ষম হব ৷ উল্লেখ্য যে গুৱাহাটীৰ নিৰ্মালী নাথ নামৰ এই যুৱতীগৰাকীয়ে ইয়াৰ পূৰ্বেও মটৰ চাইকেলেৰে লাডাখত গৈ উপস্থিত হৈছিল ৷ পৰৱৰ্তী সময়ত অৰুনাচলৰ অতি দূৰ্গম আৰু ভিতৰুৱা অঞ্চলসমুহতো মটৰ চাইকেলেৰে ভ্ৰমন কৰিছিল ৷ আনকি গুজৰাট তথা সমগ্ৰ দক্ষিণ ভাৰতীয় সাগৰীয় অঞ্চলসমুহৰ লগতে শ্ৰীলংকালৈ মটৰ চাইকেল যাত্ৰা কৰিছিল এইগৰাকী দুঃসাহসী অসম কন্যাই ৷ অসমৰ পৰ্যটনৰ প্ৰতি দেশ বিদেশৰ লোকক আকৰ্ষিত কৰা আৰু নাৰী সবলীকৰনক মুলমন্ত্ৰ হিচাপে লৈ নিৰ্মালীয়ে আৰম্ভ কৰা এই যাত্ৰা সফল হোৱাৰ লগতে অসমীয়া যুৱতীৰ সাহস দেশ বিদেশে বন্দিত হওক, আমিএ তাকেই আশা কৰিছো ৷
Conclusion:বাইটঃ নিৰ্মালী নাথ ৷
---- বাপকন দাস, বৰপেটা