ETV Bharat / state

বৰপেটাৰ সৰ্থেবাৰীত বানৰ তাণ্ডৱ - বৰপেটাৰ সৰ্থেবাৰীত বানৰ তাণ্ডৱ

ৰাজ্যত বিভীষিকাৰ সৃষ্টি কৰিছে বাৰিষাৰ প্ৰথমটো বানে ৷

বৰপেটাৰ সৰ্থেবাৰীত বানৰ তাণ্ডৱ
বৰপেটাৰ সৰ্থেবাৰীত বানৰ তাণ্ডৱ
author img

By

Published : May 26, 2020, 10:46 PM IST

বৰপেটা ২৬ মে' : প্ৰথমটো বানত বুৰিল সৰ্থেবাৰী । বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰালে সৰ্থেবাৰীৰ বতিয়া অঞ্চল । বুঢ়াদিয়াৰ মথাউৰি নিৰ্মাণ নকৰাৰ বাবে অবৰ্ণনীয় হৈ পৰিছে বতিয়াৰ অৱস্থা । মানুহৰ ঘৰৰ ভিতৰত প্ৰায় একঁকাল পানী ।

বৰপেটাৰ সৰ্থেবাৰীত বানৰ তাণ্ডৱ

বছৰৰ প্ৰথমটো বানৰ ফলত বতিয়াৰ প্ৰায় ষাঠি ঘৰ মানুহৰ অৱস্থা শোচনীয় হৈ পৰিছে । আনহাতে যিকোনো মুহূৰ্ততে ছিঙিব পাৰে বতিয়া কালাতলি সংযোগী পথটো । এই পথটো সঠিকভাৱে নিৰ্মাণ নকৰাৰ বাবেই এতিয়া অমানিশা নামিছে বতিয়াবাসীলৈ । ইপিনে কালদিয়াৰ মথাউৰিৰ ওপৰেদি বাগৰিছে পানী । জালকাৰা, নলীৰপথাৰ আদি গাঁও হৈছে প্লাৱিত । জলসম্পদ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই এতিয়া এইদৰে বানত বুৰিল বতিয়া অঞ্চল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.