ETV Bharat / state

Police constable death in Dhubri: দুৰ্ঘটনাত পতিত হৈ মৃত্যু অসম আৰক্ষীৰ জোৱানৰ

author img

By

Published : Dec 19, 2021, 4:37 PM IST

তিনিমাহ পূৰ্বে কৰ্তব্যৰত অৱস্থাত ধুবুৰীত দুৰ্ঘটনাত পতিত হৈছিল বৰপেটা জিলাৰ তাৰীকুজ জামান । অসম আৰক্ষীৰ জোৱানজনে অৱশেষত শনিবাৰে মৃত্যুক আঁকোৱালি ল'লে (Police constable Tarikuj Zaman dies in accident)। জোৱানজনৰ জন্মস্থান কলগাছিয়াত এতিয়া শোকৰ ছাঁ পৰিছে ।

Police constable death
দুৰ্ঘটনাত পতিত হৈ মৃত্যু অসম আৰক্ষীৰ জোৱান হাছান তাৰীকুজ জামানৰ

কলগাছিয়া, ১৯ ডিচেম্বৰ: অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অসম আৰক্ষীৰ জোৱান হাছান তাৰীকুজ জামানে (Police constable Tarikuj Zaman dies in accident)। তিনিমাহ পূৰ্বে পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ আই চি ইউত ভৰ্তি হৈ আছিল আৰক্ষী জোৱানজন । কৰ্তব্যৰত অৱস্থাতে পথ দুৰ্ঘটনাত পতিত হৈছিল আৰক্ষী জোৱানজন ।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চান্দমামা গাঁৱৰ উদীয়মান যুৱক তথা অসম আৰক্ষীৰ জোৱান হাছান তাৰীকুজ জামানৰ মৃত্যুত কান্দোনত ভাগি পৰিছে গাঁওবাসী । জানিব পৰা মতে, হাছান তাৰীকুজ জামান কৰ্তব্যৰত অৱস্থাত তিনিমাহ পূৰ্বে ধুবুৰীৰ বগৰীবাৰীত পথ দুৰ্ঘটনা পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল । তেতিয়াৰে পৰা আই চি ইউত মৃত্যুৰ সৈতে যুঁজি অৱশেষত শনিবাৰে মৃত্যুক আঁকোৱালি ল'লে তাৰীকুজে ।

তেওঁৰ নশ্বৰ দেহ চান্দমামাৰ বাসগৃহত আহি পোৱাৰ পিছতেই কান্দোনত ভাগি পৰে গাঁওবাসী । তিনি মাহ আই চি ইউত থকাৰ পাছতো চৰকাৰ তথা আৰক্ষী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰিবলৈও উপস্থিত নহ'ল কোনো বিষয়া । যাৰ বাবে গাঁওবাসী তথা পৰিয়ালৰ লোকে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ।

লগতে পঢ়ক :Students Dead: ছাত্ৰীৰ ৰহস্যজনক মৃত্যুত উত্তাল বৰপেটাৰোড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.