ETV Bharat / state

লক ডাউনঃ নাগালেণ্ডত আবদ্ধ অসমৰ শ্ৰমিক - লক ডাউনঃ নাগালেণ্ডত আবদ্ধ অসমৰ শ্ৰমিক

লক ডাউনৰ এই সময়ছোৱাত একেটা কোঠালীতে ২১ জন শ্ৰমিকে ভীষণ যন্ত্ৰণাৰ মাজেৰে দিন কটাবলগীয়া হোৱা বুলি এটি ভিডঅ‘ প্ৰেৰণ কৰি জানিবলৈ দিছে শ্ৰমিকসকলে। অৰ্থ আৰু পৰ্যাপ্ত খাদ্য-সামগ্ৰীৰ অভাৱত এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বুলিও ভিডঅ'টোত উল্লেখ কৰিছে শ্ৰমিকসকলে ।

assam-labour-facing-problems-in-nagaland-during-lock-down
লক ডাউনঃ নাগালেণ্ডত আৱদ্ধ অসমৰ শ্ৰমিক
author img

By

Published : Apr 20, 2020, 5:36 PM IST

বৰপেটা, 20 এপ্ৰিলঃ দেশজুৰি চলি থকা লক ডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ পৰিছে অসমৰ বহু শ্ৰমিক ৷ বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ ২১ গৰাকী শ্ৰমিক বৰ্তমান আবদ্ধ হৈ আছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত ৷ ডিমাপুৰৰ এটা কোম্পানীত শ্ৰমিক হিচাপে কৰ্মৰত বৰপেটাৰ এইসকল লোকে বিগত পাঁচ মাহে পোৱা নাই কোনো মজুৰি । লক ডাউনৰ এই সময়ছোৱাত একেটা কোঠালীতে ২১ জন শ্ৰমিকে ভীষণ যন্ত্ৰণাৰ মাজেৰে দিন কটাবলগীয়া হোৱা বুলি এটি ভিডঅ‘ প্ৰেৰণ কৰি জানিবলৈ দিছে শ্ৰমিকসকলে। অৰ্থ আৰু পৰ্যাপ্ত খাদ্য-সামগ্ৰীৰ অভাৱত এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বুলিও ভিডিঅ'টোত উল্লেখ কৰিছে শ্ৰমিকসকলে। ভিডিঅ'টোৰ জৰিয়তে শ্ৰমিকসকলে তেওঁলোকক উদ্ধাৰ তথা কৰ্মৰত কোম্পানীৰ পৰা পাবলগীয়া মজুৰিখিনিও আদায়ৰ ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰলৈ জনাইছে কাতৰ অনুৰোধ।

লক ডাউনঃ নাগালেণ্ডত আৱদ্ধ অসমৰ শ্ৰমিক

উল্লেখযোগ্য যে,কেৱল নাগালেণ্ডেই নহয়,দেশৰ অন্যান্য ৰাজ্যতো আবদ্ধ হৈ আছে অসমৰ সহস্ৰাধিক শ্ৰমিক ৷ তদুপৰি বহিঃৰাজ্যত আবদ্ধ হৈ থকা এই লোকসকলৰ সহায়ৰ বাবে অসম চৰকাৰৰ ফালৰ পৰাও আশ্বাস প্ৰদান কৰাৰ লগতে আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :ছৌদি আৰৱত কোভিড-১৯ত পাঁচজন ভাৰতীয়ৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.