বৰপেটা, ২৮ জুলাই : শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে বৰপেটা ভ্ৰমণত উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া ৷ বৰপেটাত উপস্থিত হৈ অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই শুকুৰবাৰৰ বিয়লি সৰভোগৰ নিজডমকাত অৱস্থিত এখন গো-শালা পৰিদৰ্শন কৰে ৷ গো-শালাটো পৰিদৰ্শন কৰি ৰাজ্যত সোনকালে গো-শালাৰ সংখ্যা বৃদ্ধিৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব বুলি তেওঁ মন্তব্য কৰে ৷
প্ৰথমে তেওঁ বৰপেটাৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসন আৰু নিৰাপত্তা সংস্থাসমূহৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু জিলাখনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে বুজ লয় ৷ অংশগ্ৰহণৰ পিচতে আজি সৰভোগৰ শ্ৰীকৃষ্ণ গো-শালাখন পৰিদৰ্শন কৰি গো-মাতাক আহাৰ খুৱায় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই ৷
বৰপেটা ভ্ৰমণকালত গো-শালাখন পৰিদৰ্শন কৰি নিজকে ধন্য হোৱা বুলি মন্তব্য কৰা ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই ৰাজস্থানৰ গীৰ গাই পালনৰ জৰিয়তে কৃষকৰ আৰ্থিক উন্নয়নৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰশংসা কৰে ৷ ৰাইজৰ দান বৰঙণিৰে পৰিচালিত গো-শালাসমূহৰ জৰিয়তে গো-বংশ ৰক্ষাৰ লগতে কৃষকসকল উপকৃত হ’ব বুলিও আশা ব্যক্ত কৰে তেওঁ ৷ গো-শালা পৰিদৰ্শন কৰা ৰাজ্যপালগৰাকীয়ে সভাত অংশ লৈ গো-ধনে আমাক বিভিন্ন ধৰণে সহায় কৰাৰ কথা উল্লেখ কৰে ৷
তাৰোপৰি গো-শালাত গোৱৰ সাৰ উৎপাদনতো গুৰুত্ব আৰোপ কৰাৰ পোষকতা কৰি গো-শালাৰ পৰা উৎপাদিত গোৱৰ খেতিৰ বাবে জৈৱিক সাৰ হিচাপে প্ৰয়োগ কৰি কৃষকসকল অধিক উপকৃত হোৱাৰ লগতে গো-শালাৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী হব পৰা যায় বুলি উল্লেখ কৰে তেওঁ। লগতে এনে গো-শালা থাকিলে গো হত্যা বন্ধ হোৱাৰো ই এক প্ৰয়াস বুলিও কয় ৰাজ্যপাল কাটাৰীয়াই।
‘গো-ধনৰ এনে কোনো বস্তু নাই যাৰ দ্বাৰা আমি উপকৃত নহওঁ ৷ গৰুৰ গাখীৰৰ লগতে গোমূত্ৰ, গোবৰ আদি সকলোৰেই আমাৰ উপকাৰ হয় ৷ বিশেষকৈ ৰাসায়নিক সাৰতকৈ গৰুৰ গোবৰ, গোমূত্ৰ আদিৰ দ্বাৰা প্ৰস্তুত কৰা সাৰ অতি উত্তম বুলিও মন্তব্য কৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই ৷
লগতে পঢ়ক : Assam Governor Visits Goalpara: গোৱালপাৰাত উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া