ETV Bharat / state

Arohan scheme in Assam : মেধাৱী শিক্ষাৰ্থীৰ বাবে বৰপেটা জিলাত মুকলি আৰোহণ আঁচনি

বৰপেটা জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে মেধাৱী শিক্ষাৰ্থীৰ বাবে ৰাজ্য চৰকাৰৰ আন এক অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ আৰোহণ আঁচনিখন বৰপেটা জিলাত শুভাৰম্ভ কৰা হয় (Assam CM scheme Arohan launched in Barpeta) । এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলাখনৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহৰ পৰা অহা মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ লগত জিলা উপায়ুক্তই কৰিলে মত বিনিময় (Arohan scheme in Assam) ।

author img

By

Published : Feb 17, 2023, 9:20 AM IST

Arohan scheme opening programme in Barpeta
বৰপেটা জিলাত মুকলি হ’ল আৰোহণ আঁচনি
বৰপেটা জিলাত মুকলি হ’ল আৰোহণ আঁচনি

বৰপেটা, ১৬ ফেব্ৰুৱাৰী : বৰপেটা জিলাত বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয় ৰাজ্য চৰকাৰৰ আন এক অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ আৰোহণ আঁচনি (Assam CM scheme Arohan launched in Barpeta)৷ বৰপেটাৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত জিলাখনত মুকলি কৰা হয় এই আচঁনিৰ ৷ বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত জিলাখনৰ ৩২৫ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰধান শিক্ষক - শিক্ষয়িত্ৰী সকলেও ভাগ লয় । তদুপৰি, আঁচনিখনৰ সৈতে নিজক জড়িত কৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰামৰ্শদাতা সকলেও অনুষ্ঠানটোত উপস্থিত থাকে ।

উল্লেখযোগ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা নতুনকৈ আৰম্ভ কৰা আৰোহণ হ'ল ৰাজ্য চৰকাৰৰ আন এক অভিলাষী আঁচনি। ইয়াৰ জৰিয়তে নৱম শ্ৰেণীৰ প্ৰথম স্থান প্ৰাপ্ত ছাত্ৰ অথবা ছাত্ৰীগৰাকীক দ্বাদশ শ্ৰেণীলৈ শিক্ষা আৰু ভৱিষ্যতৰ জীৱন বাটত আগবাঢ়ি যাব পৰাকৈ উপদেশ তথা পৰামৰ্শ প্ৰদান কৰা হ’ব । আঁচনিখন মুকলি কৰি বৰপেটা জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই কয় যে, নৱম শ্ৰেণীৰ পৰাই ছাত্ৰ - ছাত্ৰীৰ জীৱনৰ নতুন দিশৰ সুচনা হয় । গতিকে এই সময় খিনিৰ পৰাই তেওঁলোকক সঠিক পথৰ সন্ধান দিব পাৰিলে পৰৱৰ্তী জীৱন পথত তেওঁলোকে সফলতা লাভ কৰাত সহায়ক হ’ব । সেই উদ্দেশ্য আগত ৰাখিয়েই আৰোহণ আঁচনিখন ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰিলে অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই(Arohan scheme discussion program in Barpeta)।

আঁচনিখনৰ শুভাৰম্ভণি অনুষ্ঠানটোত উপস্থিত থাকি বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গে কলে, বহু ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ মেধা থাকিও সঠিক পথ নিৰ্দেশনা নোপোৱাৰ বাবে নিজৰ দক্ষতা সঠিকভাৱে প্ৰকাশ কৰিব নোৱাৰে ৷ ভৱিষ্যতত তথা সপোন পূৰণৰ বাটত ইয়ে হেঙাৰ হিচাপে থিয় দিয়া দেখিবলৈ পোৱা যায় । ইয়াৰ বাবে এইসকল ছাত্ৰ-ছাত্ৰীক প্ৰয়োজন হয় একোগৰাকী পৰামৰ্শদাতা তথা পথ নিৰ্দেশকৰ । সেই লক্ষ্যৰে পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা আৰোহণ আঁচনিখনৰ অধীনত ছাত্ৰ- ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদানৰো ব্যৱস্থা আছে বুলি অনুষ্ঠানটোত জিলা উপাযুক্তগৰাকীয়ে উল্লেখ কৰে ।

উদ্ধোধনী অনুষ্ঠানটোত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মনোৰোগ বিশেষজ্ঞ ডাঃ চয়নিকা চৌধুৰী আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড৹ পৰাগ বৰ্মনেও আচঁনিখন সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে (Fakhruddin Ali Ahmed Medical College and Hospital in Assam)। উল্লেখ্য যে, মাধ্যমিক শিক্ষা খণ্ডৰ মান উন্নত কৰিবলৈ 2023 বৰ্ষৰ পৰা ৰাজ্যত আৰম্ভ কৰা হৈছে এই অভিলাষী আচঁনিৰ । এই আচঁনিৰ যোগেদি ভিতৰুৱা , গ্ৰাম্য আৰু দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক বাচি উলিয়াই তেওঁলোকক শৈক্ষিক কেৰিয়াৰৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে নিৰীক্ষণ কৰা হ’ব ।

লগতে পঢ়ক : Fire in Jorhat Town: যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰত ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.