ETV Bharat / state

বৰপেটাৰোড প্ৰেছ ক্লাৱত ৰিপুণ বৰাৰ সংবাদ মেল

author img

By

Published : Apr 19, 2019, 3:01 AM IST

বৃহস্পতিবাৰে বৰপেটাৰোড প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই দাবী কৰে যে বিজেপিৰ অপপ্ৰচাৰ, অপশাসন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে ৰাইজে বৰ্তমান কংগ্ৰেছৰ পিনে ঢাল খাইছে আৰু বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছক গ্ৰহণ কৰিছে

বৰপেটাৰোড প্ৰেছ ক্লাৱত ৰিপুণ বৰাৰ সংবাদ মেল

বৰপেটা,19 এপ্ৰিলঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বৰ্তমানলৈ সমাপ্ত হোৱা দহটা সমষ্টিৰ ভিতৰত 8 খন আসন পোৱাৰ উপৰি তৃতীয় পর্যায়ত হ'ব লগা নামনি অসমৰ চাৰিটা সমষ্টিটো কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰে । বৃহস্পতিবাৰে বৰপেটাৰোড প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই দাবী কৰে যে বিজেপিৰ অপপ্ৰচাৰ,অপশাসন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে ৰাইজে বৰ্তমান কংগ্ৰেছৰ পিনে ঢাল খাইছে আৰু বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছক গ্ৰহণ কৰিছে ।

বৰপেটাৰোড প্ৰেছ ক্লাৱত ৰিপুণ বৰাৰ সংবাদ মেল

উল্লেখ্য যে বিজেপিয়ে জাক-জমকতা দেখুৱাৰ লগতে বিগত পাঁচ বছৰে অসমৰ হকে একো নকৰিলে বুলিও সংবাদমেলত অভিযোগ তুলি এ আই ইউ ডিএফৰ সভাপতি বদৰুদ্দিন আজমলকো সমালোচনা কৰা ৰিপুণ বৰাই আজমলক বিজেপিৰ পুতলা আখ্যা দিয়ে। ৰিপুণ বৰাৰ দাবী আজমলে ইমানদিনে সংখ্যালঘু ৰাইজক ঢাল হিচাপে ব্যৱহাৰ কৰি নিজৰ ব্যৱসায়িক সুৰক্ষাৰ বাবে বিজেপিৰ পুতলা হৈ কাম কৰি আহিছিল যদিও এইবাৰ আজমলে মুখঠেকেচা খাইছে।

Intro:বৃহস্পতিবাৰে বাৰে নিশা এক সংবাদমেল সম্বোধন কৰে ৷
বৰপেটাৰোড প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই কয় বৃহস্পতিবাৰে হৈ যােৱা দ্বিতীয় পর্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ দলে পাঁচটা লােকসভা সমষ্টিৰ তিনিটা সমষ্টিতে জয়ী হব বুলি দাবী কৰাৰ লগতে এটা সমষ্টিত ফিফ্টি ফিফ্টি ফলাফল ওলাব বুলি দাবী কৰিছে প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । Body:অসম প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বৰ্তমানলৈ হৈ যােৱা দহটা সমষ্টিৰ ভিতৰত তেওঁলােকে আঠখন আসন পােৱাৰ উপৰি তৃতীয় পর্যায়ত হব লগা নামনি অসমৰ চাৰিটা সমষ্টি কংগ্ৰেছ দলেই বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰে । তেখেতে দাবী কৰে যে বিজেপিৰ অপপ্ৰচাৰ , অপশাসন আৰু নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজে কংগ্ৰেছৰ পিনে ঢাল খাইছে আৰু বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছক গ্রহণ কৰিছে । বিপুণ বৰাই কয় যে নাগৰিকত্ব সংশােধনী বিধেয়কক কেন্দ্ৰ কৰিয়ে অসমৰ লগতে বিজেপি - অগপৰ তৃণমূল কর্মীৰ ক্ষোভৰ বহিৰ্প্ৰকাশ প্রকাশ ঘটিছে আৰু এই ক্ষোভৰ বাবে মৌনভাবে বিজেপিৰ সলনি কংগ্ৰেছৰ পিনে ভােট ধাবিত হৈছে ।Conclusion:বিজেপিয়ে জাক - জমকতা দেখুৱাৰ লগতে বিগত পাঁচ বছৰে অসমৰ হকে একো নকৰিলে বুলি অভিযােগ তুলি এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলকো সমালােচনা কৰা ৰিপুণ বৰাই আজমলক বিজেপিৰ পুতুলা আখ্যা দিয়ে । ৰিপুণ বৰাৰ দাবী আজমলে ইমানদিনে সংখ্যালঘু ৰাইজক ঢাল হিচাপে ব্যৱহাৰ কৰি নিজৰ ব্যৱসায়িক সুৰক্ষাৰ বাবে বিজেপিৰ পুতুলা হৈ কাম কৰি আহিছিল যদিও এইবাৰ আজমলে মুখঠেকেচা খাইছে ।

Abdul Khaleque. Etv Bharat Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.