বৰপেটা, 01 আগষ্ট : সত্ৰনগৰী বৰপেটাৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়, মাধৱ চৌধৰী মহাবিদ্যালয় চমুকৈ এম চি কলেজ ( MC College ) ৷ 1939 চনত স্থাপিত এই মহাবিদ্যালয়খন আছিল অবিভক্ত অসমৰ চতুৰ্থখন মহাবিদ্যালয় ৷ কিন্তু এইবাৰ এইখন মহাবিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰী ওলাই আহিল প্ৰতিবাদকাৰীৰ ৰূপত ৷ দেশৰ 17 সংখ্যক সাধাৰণ নিৰ্বাচন সমাপ্ত হোৱাৰ আজি প্ৰায় দুমাহ উকলি গ'ল ৷ কিন্তু প্ৰশাসনৰ চুড়ান্ত অদূৰদৰ্শিতাৰ বাবে আজিলৈকে লোকসভাৰ ই ভি এম বাকচ সংৰক্ষিত কোঠালি মুকলি কৰি দিয়া নাই ৷ ফলত পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থীয়ে বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷
ছাত্ৰী-ছাত্ৰী সকলে আগন্তুক 12 ঘন্টাৰ ভিতৰত প্ৰশাসনে অধিগ্ৰহণ কৰি ৰখা শ্ৰেণী কোঠা সমূহ মুকলি কৰি দিয়াৰ লগতে পাঠদানৰ উপযোগী কৰাৰ দাবী তোলে ৷ ইপিনে, মহাবিদ্যালয়খনৰ সকলো কাম-কাজ বন্ধ হৈ থকাৰ লগতে শৈক্ষিক পৰিৱেশ বিঘ্নিত হৈ পৰাৰ ফলত প্ৰশাসনৰ ওপৰত ক্ষোভ ব্যক্ত কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড0 প্ৰকাশ শৰ্মাই ৷
কিন্তু প্ৰশ্ন হয়, লোকসভা নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ দুমাহ উকলি যোৱাৰ পাচতো কাৰ হেমাহিৰ এইদৰে পাঠদানৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল ছাত্ৰ-ছাত্ৰী ৷ পৰৱৰ্তী সময়ছোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিবাদক জিলা প্ৰশাসনে কিদৰে সহাৰি জনাই সেয়াও হ'ব লক্ষণীয় ৷