বৰপেটা, ২৬ মেঃ বৰপেটাৰোডত আটক গাঞ্জাসহ সৰবহাৰকাৰী ৷ আৰক্ষীৰ অভিযানত ৪ কিলো গাঞ্জা সহ আটক দুই যুৱক; মিথুন সুত্ৰধৰ আৰু অৰূপ ৰয় ৷
এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱানন্দ দাসৰ নেতৃত্বত আৰক্ষী দল এটাই অভিযান চলাই বৰপেটা ৰোডৰ ১০ নম্বৰ ৱাৰ্ডৰ পৰা নম্বৰপ্লেট বিহীন এখন বাইকেৰে গাঞ্জা কঢ়িয়াই আনি থকা সময়তে আটক কৰে যুৱকদ্বয়ক ৷ বৰ্তমান যুৱকদ্বয়ক বৰপেটাৰোড আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে যুৱক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
লগতে আন এটা বাতৰি- তেলাংগানাত গাঞ্জা জব্দ