ETV Bharat / state

বৰপেটাত এপষেকে বন্ধ পানী যোগানঃ নিদ্ৰাত বৰপেটা পৌৰসভা

ভয়াৱহ বানৰ কৱলত পৰিছে বৰপেটা চহৰ ৷ একাঁল-এবুকু পানীত ঘৰ-দুৱাৰ, বাট-পথ ডুব গৈছে বৰপেটা চহৰ ৷ বানৰ কৱলত পৰা বৰপেটা চহৰবাসী সম্প্ৰতি ভূগিবলগীয়া হৈছে খোৱা পানীৰ সমস্যাত ৷ বিগত এপষেক ধৰি বানৰ কবলত পৰা বৰপেটা চহৰত বন্ধ হৈ আছে বিশুদ্ধ খোৱা পানীৰ যোগান ৷

বৰপেটাত এপষেকে বন্ধ পানী যোগানঃ নিদ্ৰাত বৰপেটা পৌৰসভা
author img

By

Published : Jul 28, 2019, 4:37 AM IST

বৰপেটা 28 জুলাইঃ ভয়াৱহ বানৰ কৱলত পৰিছে বৰপেটা চহৰ ৷ একাঁল-এবুকু পানীত ঘৰ-দুৱাৰ, বাট-পথ ডুব গৈছে বৰপেটা চহৰ ৷ বানৰ কৱলত পৰা বৰপেটা চহৰবাসী সম্প্ৰতি ভূগিবলগীয়া হৈছে খোৱা পানীৰ সমস্যাত ৷ বিগত এপষেক ধৰি বানৰ কবলত পৰা বৰপেটা চহৰত বন্ধ হৈ আছে বিশুদ্ধ খোৱা পানীৰ যোগান ৷ বৰপেটাত থকা পানী যোগান আঁচনিখনত ঘটা বিদ্যুতৰ সামান্য বিজুতিৰ বাবেই সম্প্ৰতি চহৰবাসীয়ে ভূগিবলগীয়া খোৱা পানীৰ সমস্যাত ৷ পানী যোগান আঁচনিখনৰ দায়িত্বত থকা কৰ্মচাৰীয়ে জনোৱা মতে, পানীৰ ৰিজাৰ্ভাৰটোত বাঢ়নি পানী সোমোৱাৰ ফলত বিগত পোন্ধৰ দিন ধৰি বন্ধ হৈ আছে পানী যোগান ৷ কিন্তু পানী কমি যোৱাৰ পিচত বুধবাৰে ৰিজাৰ্ভাৰটো চাফ চিকুন কৰি চহৰবাসীক বিশুদ্ধ খোৱাপানী যোগান দিবলৈ লোৱাৰ সময়তে ঘটিল অথন্তৰ ৷ বিদ্যুতৰ বিসংগতিৰ বাবে নখান্দা নৈৰ পৰা পানী উঠাব নোৱাৰিলে কৰ্মচাৰীসকলে ৷ ইপিনে বৰপেটা বিদ্যুত সংমণ্ডলৰ বিষয়া কৰ্মচাৰীসকলে চাৰিদিনলৈকে দূৰ নকৰিলে বিদ্যুতৰ বিসংগতি ৷ বিদ্যুত বিভাগৰ গাফিলতিৰ বাবেই পানী যোগান বন্ধ হৈ থকাত দূষিত আৰ্চেনিকযুক্ত পানীকেই সেৱন কৰিবলৈ বাধ্য হৈ পৰিছে চহৰবাসী ৷ চহৰখনত বিশুদ্ধ খোৱাপানীৰ যোগান বন্ধ হৈ থকাৰ পিচতো পৌৰসভাই নিৰ্লিপ্ত আৰু নিদ্ৰামগ্ন ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ বৰপেটা চহৰৰ পানীত যিহেতু বিষাক্ত আৰ্চেনিক মিহলি হৈ আছে সেয়ে চহৰখনত বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ ক্ষেত্ৰত পৌৰসভাক তৎপৰ হবলৈ দাবী জনাইছে চহৰবাসীয়ে ৷

Intro:
বৰপেটা, ২৭ জুলাইঃ ভয়াৱহ বানৰ কবলত পৰিছে বৰপেটা চহৰ ৷ এককাল-এবুকু পানীত ঘৰ-দুৱাৰ, বাট-পথ ডুব গৈছে বৰপেটা চহৰ ৷ বানৰ কবলত পৰা বৰপেটা চহৰবাসী সম্প্ৰতি ভূগিবলগীয়া হৈছে খোৱা পানীৰ সমস্যাত ৷ বিগত এপষেক ধৰি বানৰ কবলত পৰা বৰপেটা চহৰত বন্ধ হৈ আছে বিশুদ্ধ খোৱা পানীৰ যোগান ৷ Body:বৰপেটাত থকা পানী যোগান আঁচনিখনত ঘটা বিদ্যুতৰ সামান্য বিজুতিৰ বাবেই সম্প্ৰতি চহৰবাসীয়ে ভূগিবলগীয়া খোৱা পানীটুপিৰ সমস্যাত ৷ পানী যোগান আঁচনিখনৰ দায়িত্বত থকা কৰ্মচাৰীয়ে জনোৱা মতে, পানীৰ ৰিজাৰ্ভাৰটোত বাঢ়নি পানী সোমোৱাৰ ফলত বিগত পোন্ধৰ দিন ধৰি বন্ধ হৈ আছে পানী যোগান ৷ পিছে পানী কমি যোৱাৰ পিচত বুধবাৰে ৰিজাৰ্ভাৰটো চাফ চিকুন কৰি চহৰবাসীক বিশুদ্ধ খোৱাপানী যোগান দিবলৈ লোৱাৰ সময়তে ঘটিল অথন্তৰ ৷ বিদ্যুতৰ বিসংগতিৰ বাবে নখান্দা নৈৰ পৰা পানী উঠাব নোৱাৰিলে কৰ্মচাৰীসকলে ৷ ইপিনে বৰপেটা বিদ্যু সংমণ্ডলৰ বিষয়া কৰ্মচাৰীসকলে আজি চাৰিদিনেও দূৰ নকৰিলে বিদ্যুতৰ বিসংগতি ৷ বিদ্যৎ বিভাগৰ গাফিলতিৰ বাবেই পানী যোগান বন্ধ হৈ থকাত দূষিত আৰ্চেনিকযুক্ত পানীকেই সেৱন কৰিবলৈ বাধ্য হৈ পৰিছে চহৰবাসী ৷ চহৰখনত বিশুদ্ধ খোৱাপানীৰ যোগান বন্ধ হৈ থকাৰ পিচতো পৌৰসভাই নিৰ্লিপ্ত আৰু নিগ্ৰামগ্ন ভূমিকা গ্ৰহন কৰা বুলি অভিযোগ কৰিছে ৰাইজে ৷ বৰপেটা চহৰৰ পানীত যিহেতু বিষাক্ত আৰ্চেনিক মিহলি হৈ আছে সেয়ে চহৰখনত বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ ক্ষেত্ৰত পৌৰসভাক তৎপৰ হবলৈ দাবী জনাইছে চহৰবাসীয়ে ৷

Conclusion:বাইটঃ পানী যোগান আচনিৰ কৰ্মচাৰী ৷
বাইট: স্থানীয় লোক
--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.