ETV Bharat / state

বৰপেটাত অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ প্ৰতিবাদ - CITUৰ উদ্যোগত

অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ প্ৰতিবাদত উত্তাল বৰপেটা। CITUৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক কৰ্মী-সহায়িকাই। নতুন শিক্ষানীতিৰ জৰিয়তে ৩-৬ বছৰীয়া শিশুসকলক প্ৰাথমিক বিদ্যালয়ৰ অধীনলৈ নিব বিচৰা কাৰ্যৰ বিৰোধিতা।

বৰপেটাত অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ প্ৰতিবাদ

author img

By

Published : Nov 21, 2020, 5:37 PM IST

বৰপেটা, ২১ নৱেম্বৰ: নতুন শিক্ষানীতিৰ বিৰুদ্ধে বৰপেটাত প্ৰতিবাদত নামিল সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকা। নতুন শিক্ষানীতিৰ জৰিয়তে ৩-৬ বছৰীয়া শিশুসকলক প্ৰাথমিক বিদ্যালয়ৰ অধীনলৈ নিব বিচৰা নীতিৰ বিৰোধিতা কৰি CITUৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। লগতে কৰ্মী আৰু সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ, পূৰ্বৰ মাননি সলনি কৰি প্ৰাপ্য মজুৰি আদায় আৰু পেঞ্চন প্ৰদানৰ দাবী তুলি বৰপেটা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে। ৰাজ্যত ১৯৭৫ চনৰে পৰা সংহত শিশু উন্নয়ণ আঁচনিৰ অধীনত ৩ বছৰৰ পৰা ৬ বছৰৰ শিশুসকলক অংগনৱাড়ী কেন্দ্ৰত শিক্ষাদান কৰাৰ নীতি প্ৰচলিত হৈ আহিছে।

বৰপেটাত অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ প্ৰতিবাদ
বৰপেটাত অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ প্ৰতিবাদ

শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষানীতিৰ আধাৰত এই শিশুসকলক অংগনৱাড়ী কেন্দ্ৰৰ পৰিৱৰ্তে প্ৰাথমিক বিদ্যালয়ৰ অধীনলৈ নি শিক্ষাদান কৰিব বিচৰা নীতি পৰিহাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মী আৰু সহায়িকাসকলে ৷ ইপিনে এই কাৰ্য বন্ধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সদৌ অসম অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। এই দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:ৰতন কছাৰীৰ বিৰুদ্ধে ক্ষুব্ধ কিয় সংগঠনৰ সদস্য ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.