বৰপেটা, ২৪ নৱেম্বৰ: বৰপেটাৰ বহৰিত AIDCৰ উপাধ্যক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে মৎস্য ব্যৱসায়ী। কমিছনৰ ব্যৱসায়ীসকলৰ ওপৰত AIDCৰ উপাধ্যক্ষ জিতু তালুকদাৰে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিগত এবছৰে অত্যাচাৰৰ বলি হৈ অৱশেষত প্ৰতিবাদত নামিল দৰিদ্ৰ মৎস্য ব্যৱসায়ী। তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে, 'জিতু তালুকদাৰক মাছ ব্যৱসায়ৰ কমিছন আদায় নিদিলেই চৰকাৰী দেহৰক্ষী লগত লৈ জপিয়াই পৰে মাছ ব্যৱসায়ীৰ ওপৰত৷ জ্যেষ্ঠ মাছ ব্যৱসায়ীকো গতিয়াই,জোতাৰে গছকি নিৰ্যাতন চলাবলৈ কুণ্ঠাবোধ নকৰে AIDCৰ উপাধ্যক্ষগৰাকীয়ে।
পূৰ্বতে জিতু তালুকদাৰৰ নিৰ্দেশত দীনেশ দাস নামৰ এজন বিজেপি নেতাই মাছ ব্যৱসায়ীৰ পৰা ১ শতাংশ কমিছন আৰু মাহেকত ১ হাজাৰ টকা আদায় কৰি আহিছিল ৷ কিন্তু বিজেপি নেতাজনক কমিছনৰ টকা আদায় নিদিয়াত ব্যক্তিগত নিৰাপত্তাৰক্ষী লগত লৈ ৰামপ্ৰসাদ মালোদাস নামৰ এজন জ্যেষ্ঠ লোকক শাৰিৰীকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে মাছ ব্যৱসায়ীসকলে ৷ গুৱাহাটীৰ হাতীমূঢ়া পাহাৰৰ পৰা বহৰি অংশলৈকে থকা ব্ৰহ্মপুত্ৰৰ ৩নং মীন মহলটো ডাকত লৈ দিয়াৰ বাবেও মাছমৰীয়াসকলৰ পৰা জিতু তালুকদাৰে বছৰি ১ লাখকৈ টকা দাবী কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷
উক্ত দাবী কৰা ধন আদায় নিদিয়াৰ বাবেও মাছমৰীয়াসকলৰ ওপৰত ক্ষুদ্ধ হৈ পৰে জিতু তালুকদাৰ ৷ বাৰে বাৰে AIDCৰ উপাধ্যক্ষগৰাকীৰ পৰা অত্যাচাৰ সহিবলগীয়া হোৱাত অসহায় হৈ মঙলবাৰে বহৰি বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে বহৰি অঞ্চলৰ মৎস্যজীৱি পৰিয়ালসমূহে। লগতে জিতু তালুকদাৰৰ কমিছনৰাজৰ বিৰুদ্ধে বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানক লিখিত অভিযোগ দাখিল কৰে আৰু জিতু তালুকদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় মৎস্য ব্যৱসায়ীসকলে ৷
দৰিদ্ৰ লোকসকলৰ ওপৰত জিতু তালুকদাৰে গুণ্ডাগিৰি চলাই অহা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানে। লগতে দলে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ব্যৱসায়ীসকলক আশ্বাস দিয়ে।
লগতে পঢ়ক:ৰঙাপৰাত নিশা উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলিচালনা